Begin typing your search above and press return to search.

আজি ৫ ফ্ৰেব্ৰুৱাৰী : চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৫ ফ্ৰেব্ৰুৱাৰী : চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Feb 2019 6:21 AM GMT

আজি ৫ ফ্ৰেব্ৰুৱাৰী । প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোতে ইতিহাসত সংঘটিত হোৱা কেইটিমান ঘটনাঃ

১৬৭৯ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ লগত শান্তি চুক্তি বুজাবুজিত জাৰ্মান শাসক লিয়োপোল্ড প্ৰথমে হস্তাক্ষৰ কৰে ।

ইটালীৰ কালাব্ৰিয়াত ১৭৮৩ চনৰ আজিৰ দিনটোতে হোৱা বিধ্বংসী ভূমিকম্পত প্ৰায় ২৫০০০ লোকৰ মৃতু হয় ।

১৮৭০ চনৰ আজিৰ দিনটোতে ফিলাডেল্ফিয়াৰ থিয়েটাৰত প্ৰথম বাৰৰ কাৰণে চলচ্চিত্ৰ প্ৰদৰ্শন কৰে ।

১৯০০ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইন আৰু আমেৰিকাৰ মাজত পানামা নহৰ চুক্তিত হস্তাক্ষৰ কৰে ।

১৯০৪ চনৰ আজিৰ দিনটোতে কিউবা আমেৰিকাৰ পৰা মুক্ত হয় ।

১৯১৭ চনৰ আজিৰ দিনটোতে মেক্সিকোয়ে নতুন সংবিধান অংগীকৃত কৰে ।

১৯২২ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ গোৰখপুৰত হোৱা পদপৃষ্ঠত প্ৰায় ২২জন আৰক্ষীৰ নিহত হয় ।

১৯৬১ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সংবাদপত্ৰ চান্দে টেলীগ্ৰাফৰ প্ৰথম সংস্কৰণ প্ৰকাশ হয় ।

১৯৭০ চনৰ আজিৰ দিনটোতে আমেৰিকাই নেবাদা পৰমাণূ পৰীক্ষণ কৰে ।

২০০৪ চনৰ আজিৰ দিনটোতে পৰমাণু প্ৰাদ্যোগিক ভূলকৈ ব্যৱহাৰ কৰাৰ কাৰণে পৰমাণু বিজ্ঞানী অব্দুৰ কাদিৰ খানক পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰৱেজ মুশ্বাৰফফে মাফ কৰি দিয়ে।

২০০৭ আজিৰ দিনটোতে ভাৰতে সুনীতা উইলিয়ামচ মহাকাশত অধিক সময় অতিবাহিত কৰা প্ৰথম মহিলা হয়।

২০১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় শ্বুটাৰ অভিনৱ বিন্দাই নেদাৰলেণ্ড ইন্টাৰনেশ্যনেল শ্বুটিং চেম্পিয়ন শ্বিপত ৬০০ ৰ ভিতৰত ৫৯৬ লাভ কৰি সোণৰ পদক লাভ কৰে ।

আহক চাওঁ আজিৰ দিনটোত জন্ম হোৱা মহান ব্যক্তিসকলৰ তালিকাঃ

১৬৩০ চনৰ আজিৰ দিনটোতে শিখ সকলৰ গুৰু হৰ ৰায়ৰ পঞ্জাৱৰ কীৰতপুৰত জন্ম হয় ।

১৬৩৯ চনৰ আজিৰ দিনটোতে মোগল বাদশ্বাহ ঔৰংগজেৱৰ জীয়ৰী জেব্ৰুনিয়াৰ জন্ম হৈছিল।

১৯১৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ কবি জানকী বল্লভ শাস্তীৰ জন্ম হৈছিল।

১৯৭৬ চনৰ আজিৰ দিনটোতে বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ পুত্ৰ অভিষেক বচ্চনৰ জন্ম হয় ।

এইবাৰ আহক চাওঁ আজিৰ দিনটোত মৃত্যু হোৱা মহান ব্যক্তিসকলৰ তালিকাঃ

২০১৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভজন গায়িকা জুথিকা ৰায়কাৰ মৃত্যু হয় ।

২০১০ চনৰ আজিৰ দিনটোতে ভোজপুৰী আৰু হিন্দী ছবিৰ প্ৰসিদ্ধ অভিনেতা সুজিত কুমাৰ মৃত্যু হয় ।

২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় আত্মিক য়োগী মহৰ্ষি মহেশ য়োগী মৃত্যু হয় ।

১৯২৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় সুফী সন্ত ইনায়ত খানে ইহলীলা সম্বৰণ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি