Begin typing your search above and press return to search.

আজি ৬ ফেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৬ ফেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Feb 2019 5:53 AM GMT

আজি ৬ ফ্ৰেব্ৰুৱাৰী । প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

১৭১৫ চনৰ আজিৰ দিনটোতে পতুৰ্গাল আৰু স্পেইনৰ মাজত যুদ্ধ সমাপ্ত হৈছিল ৷

১৭১৬ চনৰ আজিৰ দিনটোতে হলেণ্ড আৰু ব্ৰিট্টেইনৰ মাজত মিত্ৰতাৰ নবীকৰণ কৰা হৈছিিল ৷

১৭৭৮ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনে ফান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷

১৭৭৮ চনৰ আজিৰ দিনটোতে ফান্সে আমেৰিকাক মান্যতা প্ৰদান কৰে ৷

১৮৯৯ চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু স্পেইনৰ মাজত যুদ্ধ সমাপ্ত হয় ৷

১৯১১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ এৰিজোনাত প্ৰথম বৃদ্ধাশ্ৰম মুকলি কৰে ৷

১৯১৮ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনত ভোট দান কৰা ক্ষেত্ৰত ৩০ বছৰতকৈ অধিক বয়সৰ মহিলাক অধিকাৰ দিয়ে ৷

১৯৪১ চনৰ আজিৰ দিনটোতে লীবিয়াৰ বেনগাজী নগৰত ব্ৰিটিছ সেনাই অধিকাৰ কৰে ৷

১৯৫২ চনৰ আজিৰ দিনটোতে ২৬ বছৰীয়া এলিজাবেথ দ্বিতীয় ইংলেণ্ডৰ মহাৰাণী হয়৷ব্ৰিটেইন ৰজা জৰ্জ ষষ্ঠৰ মৃত্যু হোৱাৰ পিছত মহাৰানী এলিজাবেথ ৷

১৯৫৯ চনৰ আজিৰ দিনটোতে কেৰালাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অন্না চাণ্ডীক নিযুক্ত কৰে ৷উল্লেখ্য যে অন্না চাণ্ডী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হোৱা প্ৰথম মহিলা হিচাপে পৰিগণিত হয় ৷

১৯৮৫ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ উপন্যাসকাৰ জেমছ হেডলীৰ মৃত্যু হয়।

১৯৮৭ চনৰ আজিৰ দিনটোতে ন্যায়াধীশ মেৰী গাৰ্ডৰন অষ্ট্ৰেলিয়া উচ্চ ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ হয়।

১৯৯৯ চনৰ আজিৰ দিনটোতে দেশৰ প্ৰথমটো পেছ মেকাৰ বেংক কলকাতা স্থাপন হয় ৷

২০০০ চনৰ আজিৰ দিনটোতে বিদেশ মন্ত্ৰী টাৰজা হেলোনেন ফিনলেণ্ডৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

১৮৯০ চনৰ আজিৰ দিনটোতে ভাৰত ৰত্নৰে সন্মানিত মহান স্বাধীনতা নেতা খান আব্দুল গফ্ফাৰ খানৰ জন্ম হৈছিল ৷

১৯১৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ কবি আৰু গীতিকাৰ প্ৰদীপৰ জন্ম হৈছিল ৷

১৯৮৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ শ্ৰীশান্তৰ জন্ম হৈছিল ৷

১৯৩১ চনৰ আজিৰ দিনটোতে জৱাহৰলাল নেহেৰুৰ পিতৃ আৰু নেতা মতিলাল নেহেৰুৰ মৃত্যু হৈছিল ৷

১৯৪৮ চনৰ আজিৰ দিনটোতে পৰমবীৰ চক্ৰৰে সন্মানিত ভাৰতীয় সৈনিক নায়ক যদুনাথ সিংহৰ মৃত্যু হৈছিল ৷

১৯৬৫ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী নেতা তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰতাপ সিংহৰ মৃত্যু হৈছিল ৷

১৯৭৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় লেখক আৰু ছবি নিৰ্দেশক ঋত্বিক ঘটকৰ মৃত্যু হৈছিল ৷

১৯৮৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বৈজ্ঞানিক আত্মাৰামৰ মৃত্যু হয় ৷

১৯৯৩ চনৰ আজিৰ দিনটোতে টেনিছৰ প্ৰসিদ্ধ খেলুৱৈ অৰ্থৰ এছৰ মৃত্যু হৈছিল ৷

২০০১ চনৰ আজিৰ দিনটোতে বৰিষ্ঠ কংগ্ৰেছী নেতা বী এন গাডগিলৰ মৃত্যু হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি