আজি ৭ ফ্ৰেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ
অষ্ট্ৰেলিয়াই ১৭৯২ চনত ফান্সৰ বিৰুদ্ধে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ৷
১৮৩১ চনত আজিৰ দিনটোতে ইউৰোপীয় দেশ বেলজিয়ামে সংবিধান স্বীকাৰ কৰে ৷
১৯০৪ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বাল্টিম’ৰত বিধ্বংসী অগ্নিকাণ্ডত ১৫০০ মান বস্তু জুইত জাহ জাহ যায় ৷
১৯১৫ চনৰ আজিৰ দিনটোতে প্ৰথম বাৰৰ কাৰণে ৱায়াৰলেছ বাতৰি ৰেলৱে ষ্টেচনত প্ৰাপ্ত হয় ৷
১৯৪০ চনত ব্ৰিটেইনত ৰেলৱে ৰাষ্ট্ৰীয়কৰণ কৰা হয় ।
১৯৪২ চনৰ আজিৰ দিনটোতে ইউনাইটেড কিংডমে থাইলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷
১৯৪৫ চনৰ আজিৰ দিনটোতে আমেৰিকা,ব্ৰিটেইন আৰু ৰুছে দ্বিতীয় বিশ্ব যুদ্ধৰ অন্তিম ক্ষণত উপস্থিত হয়৷
১৯৪৭ চনৰ আজিৰ দিনটোতে আৰব আৰু ইহুদীসকলে ফিলীস্তানী সকলক বিভাজিত কৰাৰ কাৰণে ব্ৰিটেইনৰ প্ৰস্তাৱ নাকচ কৰে ৷
১৯৬২ চনৰ আজিৰ দিনটোতে কিউবাৰ ওপৰত আমেৰিকাই সকলো ধৰণৰ কৰত প্ৰতিবন্ধকতা আৰোপ কৰে
১৯৬২ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ এটি কয়লা খনিত হোৱা দুৰ্ঘটনাত ৩০০ ৰো অধিক শ্ৰমিকৰ মৃত্যু হয়।
১৯৮৩ চনৰ আজিৰ দিনটোতে কলকাত্তাত ইষ্টাৰ্ণ নিউজ এজেন্সীৰ স্থাপন হয় ।
১৯৮৭ চনৰ আজিৰ দিনটোতে জাপানৰ দ্বাৰা আফ্ৰিকান নেশ্যনেল কংগ্ৰেছক মান্যতা প্ৰদান কৰে ৷
১৯৯৯ চনৰ আজিৰ দিনটোতে জৰ্ডনৰ শ্বাহ হুছেইনৰ মৃত্যু হয় । আৰু অব্দুলা নতুন শ্বাহ হয় ৷
২০০০ চনৰ আজিৰ দিনটোতে ৱাশ্বিংটনত ভাৰত আৰু আমেৰিকাৰ মাজত সংযুক্ত বিৰোধী দলৰ প্ৰথম বৈঠক অনুষ্ঠিত হয় ৷
২০০১ চনৰ আজিৰ দিনটোতে এৰিয়েল শেৰোন ইজৰাইলৰ প্ৰধানমন্ত্ৰী হয় ৷
২০০৩ চনৰ আজিৰ দিনটোতে ফান্সৰ প্ৰধানমন্ত্ৰী জ্যা পিয়ঁৰে ৰেফৰিন ভাৰত যাত্ৰাৰ কাৰণে নতুন দিল্লীত উপস্থিত হয় ।
২০০৬ চনৰ আজিৰ দিনটোতে নেপালৰ স্থানীয় নিকায়ৰ কাৰণে ভোটিং অনুষ্ঠিত হয় ।
২০০৮ চনৰ আজিৰ দিনটোতে ইক্বাডোৰ তংগৰাহী জ্বালামুখী উদগীৰণ হয় ৷
২০০৯ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল এসসী জমীৰে স্বাধীন ভাৰতৰ ১২ সংখ্যক তথা প্ৰথম মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলক ডী লিট উপাধি প্ৰদান কৰে ৷
২০১০ চনৰ আজিৰ দিনটোতে দিল্লীৰ প্ৰগতি মৈদামত আয়োজিত ১৯ সংখ্যক আন্তৰাষ্ট্ৰীয় পুস্তক মেলাৰ সামৰণি পৰে ৷ এই মেলাখন ৯ দিন অনুষ্ঠিত হয় আৰু ২ হাজাৰ প্ৰকাশকে অংশগ্ৰহণ কৰে ৷১৮৯৮ চনৰ আজিৰ দিনটোতে ডা° ভীমৰাও আম্বেদকাৰৰ পত্নী ৰমাবাই আম্বেদকাৰৰ জন্ম হৈছিল ।
১৯০৮ চনৰ আজিৰ দিনটোতে প্ৰমুখ ক্ৰান্তিকাৰী তথা লেখক মন্মথনাথ গুপ্তৰ জন্ম হৈছিল ৷
১৯৩৪ চনৰ আজিৰ দিনটোতে ভোজপুৰী আৰু হিন্দী ছবিৰ প্ৰসিদ্ধ অভিনেতা চুজীত কুমাৰৰ জন্ম হৈছিল ৷
১৯৩৮ চনৰ আজিৰ দিনটোতে মাক্সবাদী নেতা এছ ৰামচন্দন পিল্লোৰ জন্ম হৈছিল ৷
১৯৮৭ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী অংকিতা শৰ্মাৰ জন্ম হয়।
১৯৮০ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী প্ৰাচী শ্বাহৰ জন্ম হৈছিল ৷
১৯৯৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ বেড মিন্টন খেলুৱৈ কিদম্বী শ্ৰীকান্তৰ জন্ম হৈছিল ৷
১৯৪২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী নেতা শছীনান্দ্ৰনাথ সান্যালৰ মৃত্যু হয় ।
২০১০ চনৰ আজিৰ দিনটোতে পঞ্জাৱী প্ৰসিদ্ধ আলোচক ডা° টী আৰ বিনোদৰ মৃত্যু হয় ।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি