আজি ৮ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য
চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷
১৮০১ চনৰ আজিৰ দিনটোতে ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্টত হোৱা এক দুৰ্ঘটনাত ১২৮ জন ইহুদীৰ মৃত্যু হয় ।
১৮৩১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সমাজ সুধাৰক ৰাজা ৰাম মোহন ৰায় ইংলেণ্ডত উপস্থিত হয় ৷
১৯১২ চনৰ আজিৰ দিনটোতে নীল নদীত হোৱা এক দুৰ্ঘটনাত প্ৰায় ২০০ জন লোকৰ মৃত্যু হয় ৷
১৯৪৬ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰৰ পূৰ্বৱতী সংগঠন লীগ অফ নেশ্যনৰ শেষ বৈঠক অনুষ্ঠিত হয়।
১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰত পাকিস্তানৰ বিভাজনৰ পিছত দুয়োখন দেশৰ মাজত যুদ্ধ সম্ভাৱনা সম্পৰ্কীয় বিষয়সমূহসমূহৰ ওপৰত বুজিবাজি হয়।
১৯৬৪ চনৰ আজিৰ দিনটোতে জাৰ্মানী ১ লন্স কৰে ৷
১৯৮৫ চনৰ আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ মাজতে সীমা যুদ্ধ আৰম্ভ হয়।
এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷
১৮৯২ চনৰ আজিৰ দিনটোতে ইতিহাস কাৰ হেমচন্দ্ৰ ৰায় চৌধুৰীৰ জন্ম হয় ৷
১৯২৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় শাস্ত্ৰীয় গায়ক কুমাৰ গন্ধৱৰ জন্ম হয় ।
১৯৩৮ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰৰ সপ্তম মহাসচিব কফী অন্নানৰ জন্ম হয় ৷
১৯৫০ চনৰ আজিৰ দিনটোতে হিন্দী কবি দিনেশ কুমাৰ শুক্লৰ জন্ম হৈছিল ৷
১৯৮৩ চনৰ আজিৰ দিনটোতে তেলেগু ছবিৰ ষ্টাৰ আল্লু অৰ্জুনৰ জন্ম হৈছিল ৷
এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা
১৯৫৭ চনৰ আজিৰ দিনটোতে প্ৰথম ভাৰতীয় স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডেক ফাঁচী দিয়া হয়।
১৮৯৪ চনৰ আজিৰ দিনটোতে "বন্দে মাতৰম"ৰচক বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ মৃত্যু হয় ৷
১৯৪৭ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ উদ্যোগপতি হেনৰী ফ’ৰ্ডৰ মৃত্যু হয় ।
১৯৭৩ চনৰ আজিৰ দিনটোতে স্পেইনৰ চিত্ৰকাৰ পাবেলা পিকাছোৰ মৃত্যু হয় ৷
2০১৩ চনৰ আজিৰ দিনটোতে হিন্দুস্তানী সংগীতজ্ঞ ৱাদিকা চৰণ ৰাণীৰ মৃত্যু হয় ৷
২০১৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় পত্ৰকাৰ লেখক জয়কান্তৰ মৃত্যু হয়।
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি