Begin typing your search above and press return to search.

আজি ৮ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৮ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 March 2019 5:41 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৫৩৪ চনৰ আজিৰ দিনটোতে গুজৰাটৰ বাহাদূৰ শ্বাহে চিত্তোৰগড়ক লুট পাত চলাই ৷

১৭০২ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা উইলিয়াম তৃতীয়ৰ মৃত্যুৰ পিছত মহাৰাণী এনীয়ে শাসন কৰে ৷

১৯০৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ হাউছ অৱ কমন্সে মহিলাসকলৰ মানৱধিকাৰ সম্বন্ধিত বিধেয়ক নাকচ কৰে ৷

১৯০৮ চনৰ আজিৰ দিনটোতে ইউৰোপত কাম কৰাৰ কাৰণে উচিত বেতন,কম ঘন্টা কাম,ভোট দিয়াৰ অধিকাৰ আদি বিষয়ক লৈ নিউয়কত মহিলাসকলে এক ৰেলীত ভাগ লয় ৷

১৯০৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ চ’চেলিষ্ট দলে প্ৰথমবাৰৰ কাৰণে মহিলা দিৱসৰ আয়োজন কৰে ৷

১৯১০ চনৰ আজিৰ দিনটোতে ডেনমাৰ্কত হোৱা আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনত ৮ মাৰ্চক আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ ৰাখে ৷

১৯১১ চনৰ আজিৰ দিনটোতে ইউৰোপত প্ৰথম আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপন কৰে ৷

১৯২১ চনৰ আজিৰ দিনটোতে স্পেইনৰ ৰাজধানী মেডড্ৰিদত পাৰ্লিয়ামেন্টৰ পৰা ওলোৱা পিছতেই ৰাষ্ট্ৰপতি এডবৰ্ডক হত্যা কৰা হয় ৷

১৯৩০ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে সবিনয় অবজ্ঞা আন্দোলন আৰম্ভ কৰে ৷

১৯৪২ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জাপানী সেনাই বৰ্মাৰ ৰংগুন অধিকাৰ কৰে ৷

১৯৪৮ চনৰ আজিৰ দিনটোতে এয়াৰ ইণ্ডিয়া ইনন্টাৰ নেশ্যনেলৰ স্থাপনা হয় ৷

২০০৪ চনৰ আজিৰ দিনটোতে ইৰাকৰ গৰ্বনিংগ কাউঞ্চিলৰ দ্বাৰা নতুন সংবিধান এখনত হস্তাক্ষৰ কৰে ৷

২০০৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ অগ্ৰণী গোল্ফ খেলুৱৈ জ্যোতি ৰন্ধাৱায়ে থাইলেণ্ডত জয়ী হয় ৷

২০১৩ চনৰ আজিৰ দিনটোতে উত্তৰ কোৰিয়াৰ লগত সকলো শান্তিৰ বুজাবুজি সমাপ্ত কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৮৯ চনৰ আজিৰ দিনটোতে গান্ধী স্মাৰক নিধিৰ প্ৰথম অধ্যক্ষ,গান্ধীবাদী নেতা,স্বাধীনতা সেনানী আৰু পঞ্জাৱৰ প্ৰথম মুখ্যমন্ত্ৰী গোপী চন্দ ভাৰ্গৱৰ জন্ম হৈছিল ৷

১৮৬৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ মাৰাঠী লেখক হৰী নাৰায়ন আপ্তে জন্ম হৈছিল ৷

ভাৰতীয় ৰাজনীতিজ্ঞ আৰু উৰিষ্যা প্ৰান্তৰ মুখ্যমন্ত্ৰী বিশ্বনাথ দাসৰ জন্ম হৈছিল ১৮৮৯ চনৰ আজিৰ দিনটোতে ৷

১৮৯৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় কলাকাৰ ৰামৰাওৰ জন্ম হয় ৷

১৯২১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ছবি গীতিকাৰ চাহিৰ লুধিয়ানবীৰ জন্ম হৈছিল ৷

১৯৫৩ চনৰ আজিৰ দিনটোতে ৰাজস্থানৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াৰ জন্ম হয় ৷

১৯৭৫ চনৰ আজিৰ দিনটোতে অভিনেতা ফাৰদীন খানৰ জন্ম হৈছিল ৷

১৯৮৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় মহিলা ক্ৰিকেটাৰ হৰমনপ্ৰীতৰ জন্ম হয় ৷

১৯৫৫ চনৰ আজিৰ দিনটোতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ সকলৰ অন্যতম জিম্মী জৰ্জৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৫৩৫ চনৰ আজিৰ দিনটোতে মেৱাড়ৰ ৰানী কৰ্ণাৱতীয়ে ইহলীলা সম্বৰণ কৰে ৷

১৯৫৭ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ নেতা বাল গংগাধৰ খেৰৰ মৃত্যু হয় ৷

আজি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story