আজি ৯ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য
চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷
১৬৬৭ চনৰ আজিৰ দিনটোতে পেৰিছত প্ৰথম বাৰৰ কাৰণে জনসাধাৰণৰ কাৰণে আৰ্ট প্ৰদৰ্শনী মুকলি কৰিছিল ৷
১৬৬৯ চনৰ আজিৰ দিনটোতে মোগল সাম্ৰাজ্যৰ বাদশ্বাহ ঔৰংগজেৱে সকলো হিন্দু বিদ্যালয় আৰু মন্দিৰক ধ্বংস কৰিবলৈ নিৰ্দেশ দিয়ে ৷
১৮৩৮ চনৰ আজিৰ দিনটোতে লণ্ডনত নেশ্যনেল আৰ্ট গেলাৰী মুকলি হয় ৷
১৯৪৫ চনৰ আজিৰ দিনটোতে ইউনাইটেড ষ্টেটছ এট’ন’মিক এনাৰ্জী কমীশ্যনৰ স্থাপনা হয় ৷
১৯৫৩ চনৰ আজিৰ দিনটোতে বাৰ্নৰ ব্ৰাদাৰ্ছে হাউচ অফ বেক্স শীৰ্ষক প্ৰথম ৩ ডী ছবি প্ৰদৰ্শিত কৰে।
১৯৫৫ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ নেবাদাত পৰমাণু পৰীক্ষণ কৰে ৷
১৯৭২ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘ আৰু ইৰাকৰ মাজত মৈত্ৰী সন্ধিত স্বাক্ষৰিত কৰে।
১৯৮৮ চনৰ আজিৰ দিনটোতে আমেৰিকাই পানামাৰ ওপৰত আৰ্থিক প্ৰতিবন্ধ আৰোপ লগায় ৷
১৯৮৮ চনৰ আজিৰ দিনটোতে লী পেং চীনৰ প্ৰধানমন্ত্ৰী হয়।
২০০৪ চনৰ আজিৰ দিনটোতে ইৰাকত হোৱা সংঘৰ্ষত ৯ জন লোকৰ মৃত্যু হয়।
২০০৫ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনৰ যুৱৰাজ চাৰ্লচৰ সৈতে কেমিলাৰ বিবাহ পাশত আৱদ্ধ হয় ৷
২০০৮ চনত নেপালত সংবিধান সভাৰ কাৰণে ভোটগ্ৰহণ হয় ৷
২০১১ চনৰ আজিৰ দিনটোতে আন্না হাজৰেক দুৰ্নীতিবিৰোধী অভিযানৰ কাৰণে ১ কোটি টকা আন্তৰাষ্ট্ৰীয় পুৰস্কাৰ ঘোষণা কৰে ৷
১৮৯৩ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যকাৰ ৰাহুল সংস্কৃতায়নৰ জন্ম হৈছিল ৷
এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷
১৯২৯ চনৰ আজিৰ দিনটোতে হিন্দুস্তানী শাস্ত্ৰীয় সংগীত বিদ্বান আৰু সুপ্ৰসিদ্ধ চৰোদ ৱাদিকা চৰণ ৰাণীৰ জন্ম হৈছিল ৷
১৯৪৮ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেত্ৰী জয়া বচ্চনৰ জন্ম হৈছিল।
১৯৫৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজনীতিজ্ঞ আৰু অৰ্থশাস্ত্ৰী জয়ৰাম ৰমেশৰ জন্ম হৈছিল ৷
এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা
১৭৫৬ চনৰ আজিৰ দিনটোতে বংগালৰ নবাব আলী বৰ্দী খানৰ ৮০ বছৰ বয়সত মৃত্যু হয়।
১৯৮১ চনৰ আজিৰ দিনটোতে প্ৰথম মহিলা নেতা দুৰ্গাবাই দেশমুখৰ মৃত্যু হৈছিল ৷
প্ৰসিদ্ধ ছবি নিৰ্মাতা তথা নিৰ্দেশক শক্তি সামন্তৰ মৃত্যু হৈছিল ২০০৯ চনৰ আজিৰ দিনটোতে ৷
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি