Begin typing your search above and press return to search.

আজি ৯ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি  ৯ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 March 2019 5:44 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৭৭৬ চনৰ আজিৰ দিনটোতে অৰ্থশাস্ত্ৰৰ আধাৰত লিখা পুথি এডম স্মিথৰ দ্য ৱেল্থ অফ নেশ্যনৰ প্ৰকাশ হয় ৷

১৮৬০ চনৰ আজিৰ দিনটোতে জাপানে প্ৰথম বাৰৰ কাৰণে আমেৰিকাত ৰাষ্ট্ৰদূত নিযুক্তি দিয়ে ৷

১৮৬১ চনৰ আজিৰ দিনটোতে ৫০,১০০ আৰু ১০০০ টকা ডলাৰ মুদ্ৰা মুকলি কৰে ৷

১৯১৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীয়ে পতুৰ্গালৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷

১৯৯৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় অভিনেত্ৰী দেৱিকা ৰাণীয়ে ইহলীলা সম্বৰণ কৰে ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় মূলৰ উদ্যোগপতি স্বৰাজ প’লক চেন্ট্ৰ’ল ৱাৰ্মিঘম বিশ্ব বিদ্যালয়ৰ দ্বাৰা ডক্টৰেট উপাধি লাভ কৰে ৷

২০০৫ চনৰ আজিৰ দিনটোতে থাক্সিন শিনবান্না দ্বিতীয় বাৰৰ কাৰণে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী হয় ৷

২০০৮ চনৰ আজিৰ দিনতোতে গোৱাৰ ৰাজ্যপাল এছ চী জমীৰে মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ অতিৰিক্ত কাৰ্যভাৰ গ্ৰহণ কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯১৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ হিন্দী সাহিত্যকাৰ ড° নগেন্দ্ৰৰ জন্ম হয়।

১৯৩০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন মহান্যায়বাদী সোলী জাহাংগীৰ সোৰাবজীৰ জন্ম হয় ৷

১৯৩১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনেতা লেখক কৰ্ণ সিঙৰ জন্ম হয় ৷

১৯৩৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ শিশু সাহিত্যিকাৰ তথা সম্পাদক হৰিকৃষ্ণ দেৱসৰেৰ জন্ম হৈছিল ৷

১৯৫১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ জন্ম হৈছিল ৷

১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় লেখক শচী থৰুৰৰ জন্ম হয় ৷

১৯৮৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট খেলুৱৈ পাৰ্থিৱ পেটেলৰ জন্ম হয়।

১৯৯৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় কলাকাৰ দৰ্শীল চাফাৰীৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৪১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ইতিহাসকাৰ,ইংৰাজী সাহিত্যকাৰ জৰ্জ ইব্ৰাহীম গ্ৰিয়েৰ্চনৰ মৃত্যু হয় ৷

ভাৰতীয় প্ৰসিদ্ধ সাহিত্যকাৰ,কবি,লেখক ,ব্যংগকাৰ,পত্ৰকাৰ হৰিশংকৰ শৰ্মাৰ মৃত্যু হৈছিল ১৯৬৮ চনৰ আজিৰ দিনটোতে ৷

টাটাকে ধৰি ভাৰতৰ প্ৰশাসকৰ লগত জৰিত থকা প্ৰখ্যাত পাৰ্চী ব্যৱসায়ী হাৰমসজী পৰোসা মোডীৰ মৃত্যু হৈছিল ১৯৬৯ চনৰ আজিৰ দিনটোতে ৷

১৯৯৭ চনৰ আজিৰ দিনটোতে মাদ্ৰাছ বিধানসভাৰ সদস্য বী জী ৰেড্ডীৰ মৃত্যু হয় ৷

২০১২ চনৰ আজিৰ দিনটোতে হিন্দী ছবি জগতৰ প্ৰসিদ্ধ অভিনেতা আৰু নিৰ্মাতা জয় মুখাৰ্জীৰ মৃত্যু হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি