Begin typing your search above and press return to search.

আজি ৰাজ্যত প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ

আজি ৰাজ্যত প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Dec 2018 5:47 AM GMT

আজি ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া।ৰাতিপুৱা ৭ বজাৰ পৰা অসমৰ ১৬ খন জিলাত আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া।আবেলি ৩ বজালৈ চলিব ভোট দান কামৰূপ, কামৰূপমেট্ৰো, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাওঁ, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোনিতপুৰ, দৰং আৰু মৰিগাওঁ জিলাত প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১৬ খন জিলাৰ ১৪০৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ৯২১৯৯৩৮ জন ভোটাৰে ভোট দান কৰিব।

প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত ৪৩৫১৫ গৰাকী প্ৰৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই প্ৰৰ্থী সকলৰ ভিতৰত ৭৯৬ জনে জিলা পৰিষদৰ সদস্য,৩৭৯৯ জনে আঞ্চলিক পৰিষদৰ সদস্য,৪১৫৫ জনে গাওঁ পঞ্চায়ত সভাপতি পদত,৩৪৭৬৫ জনে গাওঁ পঞ্চায়ত সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনত সৰ্বমুঠ ১৫৮৯৯ খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ১৫৮৯৯ খন আসনৰ ভিতৰত ২৫১ খন জিলা পৰিষদৰ আসন,১৩০৪ খন আঞ্চলিক পঞ্চায়ত সদস্যৰ আসন,১৩০৪ খন গাওঁ পঞ্চায়ত সভাপতিৰ আসন,১৩০৪ খন গাওঁ পঞ্চায়ত সদস্যৰ আসন। প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ৪৩৫১৫ গৰাকী প্ৰৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৯২১৯৯৩৮ জন ভোটাৰে,ইয়াৰে ৪৭৪৬৮২১ জন পুৰুষ আৰু ৪৪৭৩১১৭ জনী মহিলা ভোটাৰ।

৯ ডিচেম্বৰত অৱশিষ্ট ১০ খন জিলাত দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হব। ভোট গণনা কৰা হব ১২ ডিচেম্বৰত। অগপ,কংগ্ৰেছ,বিজেপি,এ আই ইউ ডিফ, চিপিআইএম আৰু অন্যান্য ৰাজনৈতিক দল আৰু বহু নিৰ্দলীয় প্ৰাৰ্থীয়ে চলিত অসমৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।স্বচ্ছ আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে সকলো প্ৰস্তুতিৰে সাজু হৈ উঠিছে।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি