Begin typing your search above and press return to search.

অসমক ৭১৪ একৰ ভূমি প্ৰদান বাংলাদেশৰ : ভুমি আদান-প্ৰদান চুক্তি

অসমক ৭১৪ একৰ ভূমি প্ৰদান বাংলাদেশৰ : ভুমি আদান-প্ৰদান চুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Feb 2019 10:51 AM GMT

অসম বিধানসভাত সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভুমি আদান-প্ৰদান চুক্তি সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ তথ্য দাখিল কৰে । অসমে বাংগাদেশক ২৬৮.৩৯ ভূমি দিয়াৰ পৰিৱৰ্তে বাংলাদেশে অসমক ৭১৪ একৰ ভূমি দিব । দুয়োখন দেশৰ মাজত ভুমি আদান-প্ৰদানৰ এই গুৰুত্বপূৰ্ণ ভুমি চুক্তি হৈছে বুলি সদনক জনাই ।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই তথ্য প্ৰকাশ কৰে সোমবাৰে। সোমবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধায়ক কমলেক্ষ্য দে পুৰাকায়স্তৰ এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে । চন্দ্ৰ মোহন পাটোৱাৰীয়ে সীমা সুৰক্ষা আৰু উন্নয়নৰ বিভাগৰ হৈ এই তথ্য দাখিল কৰে ।

পাটোৱাৰীয়ে কয় যে অসমে ২৬৮,৩৯ ভূমিৰ ভিতৰত ১৯৩,৮৫ ভূমি ধুবুৰী জিলাৰ থাকুৰানিবাৰি- বৰইবাৰী জিলাৰ আৰু ৭৪,৫৪ একৰ ভূমি কৰিমগঞ্জৰ মাদানাপুৰ-প'লাথালৰ পৰা প্ৰদান কৰা হব । লগতে চন্দ্ৰমোহন পাটোৱাৰীয়ে জনাই যে ১৯৭৪ চনৰ ইন্দিৰা- মুজিবুৰ ৰহমান চুক্তিৰ মতে ৭১৪ একৰ কৰিমগঞ্জ জিলাৰ লাথিটিলা আৰু দুমাবাৰিৰ সীমাৰেখাৰ বাহিৰত আছে ।

চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনত জনাই যে ৱাঘা সীমাৰ নিচিনাকৈ কৰিমগঞ্জৰ সীমান্ত এখন গেট নিৰ্মাণৰ কথা। লগতে জনাই যে এই প্ৰকল্পৰ বাবে ৫ কোটি ধাৰ্য কৰা হৈছে । নিৰ্বাচনৰ পিছত প্ৰকল্পটোৰ সম্পূৰ্ণ তৈয়াৰ কৰা হব বুলি প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

Next Story
চাকৰি