Begin typing your search above and press return to search.
আধ্যাত্মিক নেতা জেপি ভাচৱানিৰ মৃত্যু

দেশৰ বৰ্ষীয়ান আধ্যাত্মিক নেতা ৯৯ বছৰ বয়সত পুনেস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।দাদা ভাচৱানি নামেৰে জনপ্ৰিয় নেতাজন বৰ্ষিক্যজনিত কাৰনতে নিধন হোৱা বুলি জানিব পৰা গৈছে।১৯১৮ চনৰ ২ আগষ্টত পাকিস্তানৰ হিন্দ চহৰত ভাচৱানিৰ জন্ম হৈছিল।ভাচৱানি ১০০ সংখ্যক জন্মদিন উলহ মালহেৰে আয়োজন কৰিবলে সংগঠন সমূহে পৰিকল্পনা কৰিছিল।তেওঁ একেধাৰে দাৰ্শনীক,শিক্ষাবিদ আছিল।সাধু ভাচৱানি মিচন নামৰ তেওঁৰ বেচৰকাৰী সংগঠনটোৱে সমাজৰ কাম কৰি গৈছিল।তেওঁৰ সংগঠন মুখ্য কাৰ্যালয় পুনেত থকাৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত কাৰ্যালয় আছে।তেওঁ ১৫০ কৈও অধিক আত্ম সহায়ক কিতাপ লিখিছিলে।
Next Story