Begin typing your search above and press return to search.

আন্তঃৰাজ্যিক পাৰপত্ৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্মঘট

আন্তঃৰাজ্যিক পাৰপত্ৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্মঘট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Aug 2018 6:17 AM GMT

অসমীয়া জাতিৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰাাৰ বাবে অসমত আন্তঃৰাজ্যিক পাৰপত্র ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে গুৱাহাটীৰ প্ৰশান্তি উদ্যানত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।সংগঠনটোৰ শতাধিক সদস্যই অসমত অতিশীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্র ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে। পৰিষদৰ বিষয়ববীয়া সকলে জনাই যে যিহেতু অসমৰ কাষৰীয়া ৰাজ্যসমূহে বিশেষ আইনৰ বাবে নিজৰ খিলঞ্জীয়া সকলক সুৰক্ষিত কৰিব পাৰিছে | সেয়ে অসমীয়া জাতিটোৱেও নিজকে সুৰক্ষিত কৰি ৰখাৰ বাবে আন্তঃৰাজ্যিক ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাহিৰে আন বিকল্প নাই।বাংলাদেশীৰ চৰনিয়া পথাৰলৈ পৰিনত হোৱা অসমৰ এনআৰচি প্ৰকাশৰ পাছতেই চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ছাত্র সন্থাৰ ফালৰ পৰা অৰুণাচল প্ৰদেশত সন্দেহযুক্ত নাগৰিকক বিতাৰণৰ পদক্ষেপ ।২০০০ বাংলাদেশীয়ে অৰুণাচল প্ৰদেশৰ পৰা পলায়ন কৰি অসমত কোনো প্ৰমান পত্ৰ নোহোৱাকৈ প্ৰৱেশ কৰাত এতিয়া চুবুৰীয়া ৰাজ্য সমূহৰ ডাষ্টবিনলৈ পৰিণত হৈছে অসম।

Next Story
চাকৰি