Begin typing your search above and press return to search.

আন্তঃৰাষ্ট্ৰীয় অবৈদ্ধ সৰবৰাহকাৰীৰ বাবে উত্তৰ-পূৰ্বাঞ্চল এক সুগম পথ

আন্তঃৰাষ্ট্ৰীয় অবৈদ্ধ সৰবৰাহকাৰীৰ বাবে উত্তৰ-পূৰ্বাঞ্চল এক সুগম পথ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2018 10:32 AM GMT

উত্তৰ-পূৰ্বাঞ্চল আন্তঃৰাষ্ট্ৰীয় অবৈদ্ধ সৰবৰাহকাৰীৰ কাৰণে নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বাবে এক অতি সুচল পথ।উত্তৰ-পূৰ্বাঞ্চলৰ চুবৰীয়া পাচখনকৈ দেশৰ লগত সীমাৰ সংযোগে এই কাৰ্য্যত অৰিহনা যোগাইছে।উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষকৈ তিনিচুকীয়া জিলা আন্তঃৰাষ্ট্ৰীয় নিষিদ্ধ দ্ৰব্য সৰবৰাহকাৰী সকলৰ বাবে প্ৰিয় পথহৈ পৰিছে। এই পথেৰেই অতি সহজতে চোৰাং বস্তু সমূহ ভাৰতলৈ অনা হয় আৰু বিদেশলৈ পথোৱা হয়।শুল্ক বিভাগৰ সূত্ৰই চেণ্টিনেলক জনোৱা অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ম্যানমাৰ,চীন,বাংলাদেশ,ভূটান আৰু নেপালৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা আছে আৰু এই অঞ্চলৰ দুৰ্বল সুৰক্ষা আন্তঃগাঠনিৰ বাবে অবাধে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ চলি আহিছে। মিজোৰামৰ জোখাওথাৰ উন্মুক্ত ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু মনিপুৰ সীমান্ত আন্তঃৰাষ্ট্ৰীয় সোণ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বাবে আহ-যাহৰ মুখ্য স্থল হিচাপে ব্যৱহাৰ হৈ আহিছে।

২০১৮-১৯ বিত্তীয় বৰ্ষত শুল্ক বিভাগৰ অনুসন্ধান গোটে অভিযান চলাই এতিয়ালৈ ৩৬৩.৮২ লাখ টকা মূল্যৰ সোণ,১৮৩.৫৭ লাখ টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী আৰু প্ৰায় ৩৪.৯২ লাখ টকাৰ চিগাৰেট জব্দ কৰিছে। বিগত ২০১৭-১৮ বিত্তীয় বৰ্ষত গুৱাহাটী শুল্ক বিভাগে ১৩৬৭ লাখ টকাৰ সোণ,২১৪ লাখ টকাৰ নিচাযুক্ত সামগ্ৰী, ১৮.০১ লাখ টকাৰ বনজ সম্পদ আৰু ৩১৭.৪৮ লাখ টকাৰ অন্য চোৰাং সামগ্ৰী জব্দ কৰিছিল। জব্দ হোৱা চোৰাং সামগ্ৰীৰ মূল্যৰ পৰিমান বাঢ়ি যোৱাটোৱে উত্তৰ-পূৰ্বাঞ্চলত চোৰাং কাৰ্য্যকলাপ বৃদ্ধিহোৱাৰ ইংগিত বহন কৰিছে। ২০১৫-১৬ বৰ্ষত সৰ্বমুঠ ৯৫৬.৭৮ লাখ টকাৰ চোৰাং সামগ্ৰী জব্দ কৰা হৈছিল তাৰ বিপৰীতে ২০১৬-১৭ বৰ্ষত জব্দহোৱা চোৰাং সামগ্ৰীৰ মূল্যৰ পৰিমান আছিল ১২৫৩ লাখ টকা আকৌ চলিত বৰ্ষত এই মূল্যই বৰ্ষ সমাপ্তিৰ আগতেই ১৯১৬.৪৯ লাখ টকাৰ সীমা চুইছে। সৰবৰাহকাৰী সকলে প্ৰধানকৈ সোণ আৰু ৰূপ ৰেল অথবা উৰাজাহাজাৰে অসমলৈ আনে।বেছিভাগ চোৰাং সোণ নেপাল,বাংলাদেশ,ম্যানমাৰ আৰু চীনৰ সীমান্তৰে উত্তৰ-পূৰ্বাঞ্চলত প্ৰবেশ কৰে। সূত্ৰৰ মতে হাৱালা পথেৰেই এই চোৰাং সামগ্ৰী সমূহ সৰবৰাহ হয়। সোণ আৰু অন্য নিচাযুক্ত সামগ্ৰীৰ বাদে ভাৰত-বাংলাদেশ সীমান্তৰে প্ৰতিদিনে জীৱ-জন্তু অসম,মেঘালয় আদি ৰাজ্যলৈ অবৈধ ভাবে সৰবৰাহ হৈ আহিছে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি