Begin typing your search above and press return to search.

আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস পালন

আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস পালন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Oct 2018 6:31 AM GMT

যোৱা সোমবাৰে বিলাসীপাৰাত এদিনীয়া কাৰ্যসূচীৰে বিলাসীপাৰা জ্যেষ্ঠ নাগৰিক ফৰামৰ অধীনত আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয় । অনুষ্ঠানৰ আৰম্ভনিতে বিলাসীপাৰাৰ জ্যেষ্ঠ ফৰামৰ অধ্যক্ষ জগদনন্দা বৰকলিতাই পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে । আলজাজ আব্দুল খালেক বন্তি প্ৰজ্বলন আৰু দয়াল পলে ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

পৰৱৰ্ত্তী সময়ত বিলাসীপাৰাত শোভাযাত্ৰা আৰম্ভ হয় ।শোভাযাত্ৰাৰ পিছত বিলাসীপাৰা মহকুমাৰ ৰাইজৰ পুথিভঁৰালত জগদনন্দা বৰকলিতা সভাপতিত্বত এখন সাধাৰন সভা অনুষ্ঠিত হয় ।ইয়াৰোপৰি সভা খনত ডাক্তৰ কানু লাল দাসে জ্যেষ্ঠ সকলৰ স্বাস্থ্য সজাগতাৰ ওপৰত ভাষন প্ৰদান কৰে ।

আয়োজিত সভাত চাৰি গৰাকীকৈ জ্যেষ্ঠ নাগৰিক কেশৱ চৰকাৰ,আব্দুল মান্নান,দিপালী ভট্টাচাৰ্য্য আৰু মনোৰঞ্জন দাসক ফুলাম গামোছা আৰু মান-পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

Next Story
চাকৰি