আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ তালিকা

আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ তালিকা
Published on

আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ দ্য হিন্দুস্তান নিৰ্মাণ দলে আগন্তক লোকসভা নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থী সকলৰ এখন তালিকা প্ৰকাশ কৰিছে ৷ মংগলবাৰে এখন প্ৰেছ বিবৃত্তিৰ জৰিয়তে পৰিষদৰ ৰাজ্যিক সভাপতি ৰাজীৱ কাকতিয়ে তিনিজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷ সভাপতি ৰাজীৱ কাকতিয়ে গুৱাহাটী নিৰ্বাচন ক্ষেত্ৰৰ কাৰণে ৰাজীৱ কাকতি,বৰপেটা নিৰ্বাচনৰ কাৰণে ভাস্কৰ কলিতা আৰু ডিব্ৰুগড় নিৰ্বাচন ক্ষেত্ৰৰ কাৰণে অপূৰ্ব শইকীয়াৰ নাম ঘোষণা কৰে ।

অন্যহাতে দ্বিতীয়খন তালিকা ২২ মাৰ্চত ঘোষণা কৰিব ৷ কৰীমগঞ্জ,যোৰহাট, চিলচৰ,ধুবুৰী,মংগলদৈ,কলিয়াবৰ আৰু লক্ষীমপুৰৰ তালিকা ঘোষণা হ’ব ২২ মাৰ্চত ৷ উল্লেখ্য যে, দলটোৱে নিজৰ উদ্দেশ্যৰ কথাও উল্লেখ কৰে ৷ তাৰ ভিতৰত অসমক বাংলাদেশীৰ পৰা মুক্ত কৰা,নিবনুৱা সমস্যা দুৰ কৰা,বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰা আদি ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com