Begin typing your search above and press return to search.

আপুনি"ৰোডিছ"ত অংশগ্ৰহণ কৰিব বিচাৰে নেকি?যদি বিচাৰে তেন্তে সাজু হওক

আপুনিৰোডিছত অংশগ্ৰহণ কৰিব বিচাৰে নেকি?যদি বিচাৰে তেন্তে সাজু হওক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Dec 2018 12:46 PM GMT

সৰু পৰ্দাৰ এক জনপ্ৰিয় শ্ব’ "ৰোডিছ"ত অংশগ্ৰহণ কৰা সপোন সকলোৰে থাকে ৷ প্ৰত্যেকজন যুৱক যুৱতীয়ে থাকে ৰোডিছ’ত অংশ গ্ৰহণ কৰি খিতাপ দখল কৰাৰ সপোন ৷ গতিকে যিসকলৰ "ৰোডিছ"ত অংশগ্ৰহণ কৰি খিতাপ দখল কৰাৰ সপোন আছে, তেওঁলোক সাজু হ’বৰ হ’ল ৷ কাৰণ,অতি শীঘ্ৰেই আৰম্ভ হ’ব MTV ৰ জনপ্ৰিয় অনুষ্ঠান ৰোডিছ"ৰ অ’ডিশ্যন ৷ পুনে, দিল্লী,কলকাতা আৰু ছত্তীশগড়ত হ’ব "ৰোডিছ"ৰ অডিশ্যন ৷

২০১৯ চনৰ "ৰোডিছ" আৰম্ভ কৰিবৰ কাৰণে ইতিমধ্যে সাজু হৈছে অনুষ্ঠান কৰ্মকৰ্তাসকল ৷কিন্তু "ৰোডিছ"ত অংশগ্ৰহণ কৰিবলৈ প্ৰতিযোগীৰ বয়স হ’ব লাগিব ১৮ বছৰ । প্ৰথম পৰ্যায়ত প্ৰতিযোগীসমূহৰ ৰেজিষ্ট্ৰেশ্যন হয় ।কিন্তু সদ্যহতে "ৰোডিছ"ৰ অডিশ্যনৰ তাৰিখ নিৰ্ধাৰণ কৰা নাই আয়োজকসকলে ৷ আনহাতে,অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ হ’লে প্ৰতিযোগীসকলে দুটা পৰ্যায়ত হোৱা অডিশ্যনত উত্তীৰ্ণ হ’ব লাগে ৷লগতে এই দুটা পৰ্যায়ত নিৰ্বাচিত হোৱা প্ৰতিযোগীয়েহে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰে

অধিক খবৰৰ বাবে পঢ়ক: মণোৰঞ্জন

Next Story
চাকৰি