Begin typing your search above and press return to search.

আপুনি দীপিকা পাডুকন পৰাঠাৰ সোৱাদ ল’ব বিছাৰিছে নেকি? কিন্তু ক’ত যাব আপুনি ?

আপুনি দীপিকা পাডুকন পৰাঠাৰ সোৱাদ ল’ব বিছাৰিছে নেকি? কিন্তু ক’ত যাব আপুনি ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jan 2019 10:56 AM GMT

বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনৰ জনপ্ৰিয়তাৰ কথা নিশ্চয় কোৱাৰ প্ৰয়োজন নাই ৷ বিয়াৰ পিছতেই এইবাৰ এখন পৰাঠা থালীৰে চৰ্চাৰ শীৰ্ষত দীপিকা ৷ অভিনয়,ড্ৰেছ আদিৰ লগতে নতুন বোৱাৰী হিছাপে দীপিকা প্ৰায়ে চৰ্চাৰ শীৰ্ষত ৷কিন্তু শেহতীয়া প্ৰাপ্ত এক খবৰ অনুসৰি দীপিকা পাডুকনৰ নামেৰে খাদ্য সম্ভাৰ উপলব্ধ হৈছে পুনেৰ এখন ৰেস্ত’ৰাত ৷ ইফালে এগৰাকী জনপ্ৰিয় অভিনেত্ৰীক কিমান ভাল পালে,এনে ধৰণৰ খাদ্য সম্ভাৰৰ দ্বাৰা জনসাধাৰণক আকৰ্ষণৰ চেষ্টা কৰিব পাৰে ৷ সেয়া নিশ্চয় বিশেষভাৱেই উল্লেখ্য ৷

লগতে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফ’টো অনুসৰি দীপিকা পাডুকনৰ নামত আমেৰিকা এখন ৰেস্তোৰাত ১০ ড’লাৰৰ দীপিকা পাডুকন ৱেজ ডোচা পোৱাৰ বিপৰীতে ৬০০ টকাৰ পৰাঠা থালী উপলব্ধ হৈছে পুনেৰ এখন ৰেস্ত’ৰাত ৷ অন্যহাতে ৰেস্তোৰাত উপলব্ধ এই খাদ্য সমূহ দৃষ্টিগোচৰ হয় দীপিকা পাডুকনৰ ৷ইনষ্টাগ্ৰামত দীপিকা পাডুকন আৰু ৰনৱীৰ সিঙে এক ষ্ট’ৰী শ্বেয়াৰ কৰে ৷

উল্লেখ্য যে,ৰোহিত নামৰ এজন যুৱক ছ’চিয়েল মিডিয়াত দীপিকা পাডুকনৰ এই খাদ্যসম্ভাৰৰ ষ্টৰী শ্বেয়াৰ কৰে ৷ লগতে দীপিকা পাডুকনৰ উপৰিও মেন্যুখনত শচীন তেণ্ডুলকাৰ,যুৱৰাজ সিং,অক্ষয় কুমাৰ,হনী সিঙৰ নাম আছে ৷ ইফালে গ্ৰাহকৰ আকৰ্ষণৰ কাৰণেই হওঁক বা আন যিকোনো কাৰণেই হওঁক সম্প্ৰতি দীপিকা পাডুকনৰ এই মেন্যুৱে যথেষ্ট আমোদ দিছে গ্ৰাহকক ৷যাৰ কাৰণে সম্প্ৰতি চৰ্চা আছে দীপিকা পাডুকন পৰাঠা থালী ৷কিন্তু যিয়েই নহওক দীপিকা পাডুকনৰ নামত পৰাঠা থালীয়ে যথেষ্ট চৰ্চা লাভ কৰিছে ৷উল্লেখ্য যে আজি দীপিকাৰ জন্ম দিন। সমগ্ৰ বলীউডে দীপিকাক দিছে জন্ম দিনৰ বহুত শুভকামনা। আগৱাঢ়ি যাওক দীপিকা ৷ আমাৰো থাকিল অলেখ শুভেচ্চা ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি