Begin typing your search above and press return to search.

আপোনাৰ ছালৰ সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাব; আপোনাৰ পাকঘৰত উপলব্ধ সামগ্ৰীৰ পৰা

আপোনাৰ ছালৰ সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাব; আপোনাৰ পাকঘৰত উপলব্ধ সামগ্ৰীৰ পৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Jan 2019 12:28 PM GMT

এখন সুন্দৰ সুস্থ চাল সকলোৱে বিচাৰে ৷ ব্যতিক্ৰম নহয় আপুনিও৷কিন্তু আপুনি ঘৰত থাকিয়ে অৰ্থাৎ আপোনাৰ পাকঘৰৰ সামগ্ৰী সমূহৰ পৰাই আপুনিও লাভ কৰিব পাৰিব এখন দাগহীন,পিম্পলছ হীন এখন সুস্থ ছাল ৷ লগতে আমাৰ ছালৰ ক্ষেত্ৰত প্ৰায়ে দেখা এটা সমস্যা হৈছে ব্লেক হেডছৰ সমস্যা ৷এই সমস্যাই আমাক বাৰুকৈয়ে অসুবিধাত পেলায়। কাৰণ আপুনি যিমান ধুনীয়াকৈ নিজক নসজাওঁক কিয় ৷ব্লেক হেডছে আপোনাৰ সুন্দৰতাত দাগ লগাব পাৰে ৷ গতিকে আহক চাওঁ ঘৰতে পোৱা সামগ্ৰীৰ জৰিয়তে কেনেকৈ আমি নিজকে সুন্দৰভাৱে ৰাখিব পাৰোঁ ৷

চাউলৰ গুৰি,মচুল দালি আৰু বেচন আৰু হালধীৰ সংমিশ্ৰন কৰি তাত অলপ গাখীৰ মিহলাই আপুনি আপোনাৰ ছালত যদি প্ৰলেপ লগায়,তেন্তে আপুনি পাব পাৰে এখন সুন্দৰ ছাল। এই প্ৰলেপ লগোৱাৰ পিছত কমেও ১০-২০ মিনিট ৰাখি মাচাচ কৰিব লাগে ৷ ইয়াত উপলব্ধ প্ৰাকৃতিক গুনে মুখৰ ছাল উজ্বল কৰাৰ লগতে ছান বাৰ্ণ,পিম্পল আদি সমস্যাৰ পৰা পৰিত্ৰান পাব আপুনি ৷ লগতে আপোনাৰ ছালত থকা মৃতকোষ সমূহ আঁতৰ কৰি প্ৰাকৃতিক ভাৱে আপুনি লাভ কৰিব এখন সুন্দৰ সতেজ ছাল ৷

অন্য এক ফেচ ক্লিঞ্জাৰ হৈছে গাখীৰ ৷ গাখীৰত অলপ নিমখ মিহলাই মুখত লগালেও মৃত কোষসমূহ আঁতৰি প্ৰাকৃতিকভাৱে মুখৰ ৰং উজ্জ্বল হ’ব আপোনাৰ।ইয়াৰোপৰি "মৌ"ক আপুনি ব্যৱহাৰ কৰিব পাৰে উৎকৃষ্ট ফেছ ক্লিঞ্জাৰ হিচাপে ৷এক চামুচ গাখীৰৰ লগত ৪চামুচ মৌ মিহলাই আপুনি আপোনাৰ ছালত ১০ -২০ মিনিটলৈ লগায় ৰাখিব পাৰে। ইয়াৰ পিছত গোলাকাৰ আকাৰত মাচাছ কৰিব ৷ আৰু চাফা পানীৰে মুখ ধুই দিব । অৱশ্যে এই মিশ্ৰণ আপুনি যিকোনো ছালত লগাব পাৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : বিবিধ

Next Story
চাকৰি