Begin typing your search above and press return to search.

আবছু আৰু অন্যান্য প্ৰতিবাদ কাৰী দলে পৃথক বড়োলেণ্ডৰ দাবীৰে সাব্যস্ত কৰিলে প্ৰতিবাদ

আবছু আৰু অন্যান্য প্ৰতিবাদ কাৰী দলে পৃথক বড়োলেণ্ডৰ দাবীৰে সাব্যস্ত কৰিলে প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Dec 2018 1:16 PM GMT

সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ আবছুৰ নেতৃত্বত এনডিএফবি(পি) আৰু অন্যান্য পৃথক বড়োলেণ্ডৰ দাবীক সমৰ্থন কৰা প্ৰতিবাদ কাৰী দল সমূহে সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক তিনিঘন্টা জোৰা প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰে। কোকৰাঝাৰত প্ৰতিবাদী দলসমূহে বডোফা শিশু উদ্যানত প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদ কাৰী দল সমূহে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ খনে বড়োলেণ্ডৰ সামাজিক, অৰ্থনৈতিক ক্ষেত্ৰখনৰ বিকাশৰ বাবে দিয়া প্ৰতিশ্ৰুতি সমূহৰ বিষয়ে সোৱৰাই দিয়া হয়।

প্ৰতিবাদকাৰী দলৰ এজন নেতাই উল্লেখ কৰা অনুসৰি যি সংসদীয় পদ্ধতিৰে জাৰখণ্ড, চত্তীশগড় আৰু উত্তৰখণ্ড গঠন কৰা হ'ল সেই সংসদীয় পদ্ধতিৰে সুকীয়া বড়োলেণ্ড গঠন কৰিব লাগে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দিনত ২০০৩ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ষষ্ঠ অনুসূচীৰ আধাৰত বিটিচি গঠন কৰিছিল আৰু ভবিষ্যতে সঠিক সময় আহিলে বড়োলেণ্ডৰ দাবীক কাৰ্য্যকৰী কৰা হব বুলি মন্তব্য কৰিছিল। ইয়াৰ আগেয়েও ১৯৯৩ চনত প্ৰধান মন্ত্ৰী নৰসিংহ ৰাওৰ দিনত একেই প্ৰতিশ্ৰুতিৰে বড়োলেণ্ড ছায়ত্ত শাসিত পৰিষদ গঠন কৰা হৈছিল কিন্তু ১৯৯৩ চনৰ পৰা ২০১৮ চনলৈ মাজত ২৫ বছৰ পাৰ হৈ গ'ল আৰু এই সময়ছোৱাৰ ভিতৰত তিনিখন নতুন ৰাজ্যৰ জন্ম হ'ল কিন্তু বড়োলেণ্ডৰ প্ৰশ্ন এতিয়াও কাৰ্য্যকৰী কৰা নহ'ল।আবছুৰ সাধাৰণ সম্পাদকে সাংবাদিকক জনোৱা অনুসৰি বড়ো লোক সকলে বহু দিন ধৰি বহিৰাগত লোকৰ আগ্ৰাসনৰ বাবে স্বাধীন ভাবে বাস কৰিব নোৱাৰা হৈছে আৰু তেওঁলোকৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে।বড়োসকলে নিজ ভূখণ্ডতে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে বসবাস কৰিব লগা হৈছে। নেতা গৰাকীয়ে বড়োলেণ্ডৰ ভূমিত হোৱা বেদখলৰ বাবে খিলঞ্জীয়া জনসাধাৰণে ভাষিক আৰু সাংস্কৃতিক ভাবে ভাবুকিৰ সন্মুখিন হৈছে। অসম গঠন হোৱাৰ পিছৰে পৰা ই তিনিবাৰ পৃথক ৰাজ্য গঠনৰ বাবে বিভাজিত কৰা হৈছে কিন্তু বড়োলোক সকলৰ দাবীক কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নহ'ল।

প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ উৰ্খাও ব্ৰহ্মই কয় যে বৰ্তমান বড়োলেণ্ডৰ আন্দোলন ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠন সমূহৰ সংঘবদ্ধ প্ৰচেষ্ঠাত আগবঢ়াই নিয়া হৈছে। আমি অতি কম সময়তহে বিজেপিৰ ৰাজ্যচৰকাৰখন অথবা কেন্দ্ৰৰ গৃহ বিভাগৰ লগত এই বিষয়ে আলোচনা কৰিবলৈ সুযোগ লাভ কৰিছো।কিন্তু ভবিষ্যতে বড়োলেণ্ডৰ স্থায়ী সমস্যাৰ সমাধানৰ বাবে পৃথক বড়োলেণ্ড গঠনৰ দাবীক অধিক শক্তিশালী ৰূপত তুলি ধৰা হব বুলি মন্তব্য কৰে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Next Story
চাকৰি