শিৱসাগৰ জিলাৰ আমগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা । তীব্ৰবেগী টেংকাৰে এজন আৰক্ষী কৰ্মচাৰীক খুন্দিওৱাৰ ফলত নিহত হয় লোকজন । নিহত আৰক্ষী বিভাগৰ কৰ্মচাৰী জন দেওধাই আলিচুকৰ সঞ্জয় ওৰফে বিজিত বৰুৱা বুলি জানিব পৰা গৈছে ।
ঘটনাৰ পিছতে তীব্ৰ বেগেৰে পলায়ণ কৰা টেংকাৰখনে পুনৰ সংঘটিত কৰে দুটাকৈ দুৰ্ঘটনা । জাঁজীত ৰাখি থোৱা যাত্ৰীবাহী অসম পৰিবহণ নিগমৰ বাছত মুখামুখিকৈ খুন্দিওৱাৰ লগতে বৃন্দাবন চাৰিআলিত এজন পথাচাৰীক খুন্দিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে । সুৰাপান কৰি টেংকাৰ খন চলোৱাৰ বাবেই এই দুৰ্ঘটনা স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।
টেংকাৰ চালকজন যোৰহাট চেলেংহাটৰ পদুমনিৰ পৰাগ গগৈ বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বাছ খনৰ চালক যোৰহাট টীয়কৰ প্ৰাঞ্জল বৰা আৰু জাঁজী জৰাবাৰীৰ প্ৰভাত গগৈ । সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে বাছখনৰ ২০ জন যাত্ৰীৰ ।
দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰৰ নম্বৰ এনএল ০২ কিউ ৩৯৮৯ আৰু অসম ৰাজ্যিক পথ পৰিবহন নিগমৰ যোৰহাটৰ পৰা হালোৱাটিঙ অভিমুখী বাছখনৰ নম্বৰ এএছ ২০/ ১৪৬৮ ।
ঘটনাৰ পিছতে উত্তেজিত জনতাই পথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে । আনহাতে ঘটনা সংঘটিত কৰাৰ পাছতে সুৰামত্ত চালকজনক ৰাইজে স্থানীয় আৰক্ষীক গটাই দিয়াৰ পাছত আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰাত ঘটনাস্থলীত উপস্থিত ৰাইজে এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। অৱশ্যে আৰক্ষীয়ে তৎপৰতাৰে টেংকাৰ চালক পৰাগ গগৈক আটক কৰিবলৈ সক্ষম হয় । এই ঘটনাক লৈ ৰাইজে কিছুসময় ৬১ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।