Top
Begin typing your search above and press return to search.

আমগুৰিত নৰেন্দ্ৰ মোডী আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ

আমগুৰিত নৰেন্দ্ৰ মোডী আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2018 6:13 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাংলাদেশ প্ৰীতি আৰু অসমৰ খাৰুৱা তেল বাংলাদেশক যোগান ধৰাৰ ব্যৱস্থা বাতিলৰ দাবীত আজি উত্তাল হৈ উঠে শিৱসাগৰ আমগুৰিৰ ৰাজপথ।বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আমগুৰি আঞ্চলিক সমিতিয়ে নৰেন্দ্ৰ মোডী আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে।বিজেপি চৰকাৰ গ' বেক, নৰেন্দ্ৰ মোডী হায় হায়, ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ ধ্বনিৰে জাতীয় সংগঠনটোৱে আমগুৰি নগৰৰ চাৰিআলিত প্ৰতিকৃতি দাহ কৰি শীঘ্ৰে অসমৰ খাৰুৱা তেল বাংলাদেশলৈ যোগান ধৰাৰ ব্যৱস্থা বাতিল কৰি ডিজেল আৰু পেট্ৰলৰ মূল্য হ্ৰাস কৰিবলৈ দাবী জনায়।অন্যথাই ২০১৯ৰ নিৰ্বাচনলৈ সাজু থাকিবলৈ হুংকাৰ দিয়ে।

Next Story