
শিৱসাগৰ জিলাৰ আমগুৰি লাহতী তেল ডিপোত গ্ৰাহকক মূল্যতকৈ কম পৰিমাণৰ পেট্ৰল দিয়াৰ অভিযোগত নিশা উত্তপ্ত পৰিস্থিতিৰ স্থিতি হয়। জানিব পৰা মতে এজন গ্ৰাহকক য়মাহা মটৰ চাইকেলত কম পৰিমাণৰ পেট্ৰল ভৰাই অধিক টকা সংগ্ৰহ কৰি ৰামঠগন দিছিল। ঘটনাৰ পিছত য়মাহা গৰাকীয়ে ইয়াৰ প্ৰতিবাদ কৰাৰ পিছতে তেলডিপোত আহোম জাতীয় গণমঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,আটাছু, সংগ্ৰামী যুৱ পৰিষদৰ বিষয়ববীয়া উপস্থিত হৈ প্ৰতিবাদ কৰে। প্ৰতিবাদৰ ফলত নিশাই শিৱসাগৰৰ পৰা যোগান বিভাগ, আমগুৰি ৰাজহ চক্ৰ বিষয়া আহি উপস্থিত হয়। যোগান বিভাগৰ তদন্তত ডিপোটোত বিসংগতি প্ৰত্যক্ষ কৰি জাতীয় সংগঠনৰ প্ৰতিবাদত সেও মানি ডিপোতো বন্ধ কৰি দিয়ে।