আমাৰ নেতাসকলৰ ভাষাত পাকিস্তানে চাপৰি বজায়ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

আমাৰ নেতাসকলৰ ভাষাত পাকিস্তানে চাপৰি বজায়ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
Published on

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধীৰ সমষ্টি ৰায়বেৰেলিত এখন সভাত কংগ্ৰেছক কটাক্ষ কৰি ৰাফেল ডিলকে আদি কৰি বিভিন্ন প্ৰসংগৰ সন্দৰ্ভত মন্তব্য কৰে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে ৰায়বৰেলীত প্ৰায় ১১০০ কোটি টকাৰ আধাৰশিলাৰ উদ্ধোধন কৰে ৷ এই জনসভাখনত বহু বিতৰ্কিত ৰাফেল ডিলৰ প্ৰসংগত মন্তব্য কৰে ৷

লগতে কয় যে সমগ্ৰ দেশৰ জ্ঞাত যে কংগ্ৰেছ সেই লোকসকলৰ লগত আছে ৷যিয়ে আমাৰ দেশৰ সুৰক্ষা বাহিনীক শক্তিশালী হ’বলৈ নিদিয়ে ৷ সম্প্ৰতি আমাৰ নেতাসকলৰ ভাষাত পাকিস্তানে চাপৰি বজায় ৷ ইফালে,ভাষন প্ৰসংগত নৰেন্দ্ৰ মোডীয়ে ৰাম চৰিত মানসৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছক কটাক্ষ কৰি কয় যে মিছা কথা কোৱা,মিছা প্ৰতাশ্ৰুতি দি সমগ্ৰ জীৱন মিছাৰ আশ্ৰয় লৈয়ে জীয়াই আছে ৷ গতিকে এনেধৰণৰ লোকৰ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়,দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীজনো মিছাৰ লগতে ভাৰতীয় বায়ুসেনা বিষয়াসকলৰ লগতে ফান্স চৰকাৰ মিছা ৷

সেয়েহে, সেইসকল লোকে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনো মিছা বুলিয়ে ভাবে ৷ অন্যহাতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে,আমাৰ ৰাফেল চুক্তিত কোৱাট্ৰচি আংকল আৰু মিচেল মামা নাই কাৰণে কংগ্ৰেছ অশান্তিত ভূগিছে ৷ ৰাফেল চুক্তিত কংগ্ৰেছৰ কোনো মধ্যভোগী নাই । দেশৰ সুৰক্ষা বিভাগৰ লগতে কাৰ্গিল যুদ্ধক সুঁৱৰি দেশৰ প্ৰধান মন্ত্ৰীজনে কয় যে, ২০০৯ চনত ভাৰতীয় সেনা বাহিনীয়ে প্ৰায় ১৮৬,০০০ বুলেট প্ৰুফ জেকেটৰ যোগান ধৰাৰ কাৰণে প্ৰস্তাৱ আগবঢ়াইছিল৷ কিন্তু সেয়া হৈ নুঠিল৷

কিন্তু ২০১৪ চনত চলিত চৰকাৰখন অহাৰ পিছত সেনা বাহিনীৰ কৰ্মীসকলক আমি প্ৰায় ৫০.০০০ জেকেট যোগান ধৰাৰ উদ্যোগ লোৱা হয় ৷ উল্লেখযোগ্য যে,পাঁচখন ৰাজ্যৰ ভোটগগণাৰ পিছত প্ৰধানমন্ত্ৰী নৰীন্দ্ৰ মোডীৰ দেওবাৰৰ এই জনসভাখন আছিল প্ৰথম জনসভা ৷ লগতে আগন্তক ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত নৰেন্দ্ৰ মোডীৰ ছোনীয়া গান্ধীৰ সমষ্টিত হোৱা জনসভাখন যথেষ্ট গুৰুত্বপূৰ্ণ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com