Begin typing your search above and press return to search.

আমি অন্য ধৰ্মৰ পৰা নতুন নতুন কথা শিকিব লাগিব: দালাই লামা

আমি অন্য ধৰ্মৰ পৰা নতুন নতুন কথা শিকিব লাগিব: দালাই লামা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Dec 2018 9:33 AM GMT

তিব্বতীয় ধৰ্মীয় গুৰু দালাই লামাই মংগল বাৰে কয় যে বৌদ্ধ ধৰ্মই খ্ৰীষ্টান ধৰ্মৰ পৰা কেনেকৈ মানৱ জাতিক সেৱা কৰিব লাগে সেই কথা শিকিব লাগে। বিহাৰৰ প্ৰসিদ্ধ চহৰ বৌদ্ধ গয়াত অনুষ্ঠিত হোৱা বক্তৃতা অনুষ্ঠানৰ দ্বিতীয় দিনা সভাপতিত্ব কৰি এই কথা উল্লেখ কৰে বৌদ্ধ ধৰ্মীয় গুৰুজনে। দালাই লামাই তেওঁৰ অনুগামী সকলক সকলো ধৰ্মৰ লগত সম্পৰ্ক ৰাখি সকলো ধৰ্মৰ পৰম্পৰাৰ বিষয়ে শিকিবলৈ আহ্বান জনাই।

দালাই লামাই ভাষণ প্ৰসংগত কয় যে বিশ্বৰ বৃহৎ ধৰ্ম খ্ৰীষ্টান, ইছলাম, বৌদ্ধ, হিন্দু, জৈন আদি ধৰ্মৰ প্ৰত্যেকৰে পৰম্পৰা বেলেগ বেলেগ। প্ৰতিটো ধৰ্মৰে নিজা নিজা তত্ব আৰু জ্ঞান পৃথক পৃথক সেয়েহে আমি প্ৰতিটো ধৰ্মৰে জ্ঞানৰ আদান প্ৰদানৰ মাধ্যমেৰে নতুন নতুন কথা শিকিব পাৰো। আমি সেইবোৰ শিকিব লাগে আৰু বিভিন্ন ধৰ্মৰ জ্ঞানক লগত লৈ আগবাঢ়ি যাব লাগে। ধৰ্মৰ আধ্যাত্মিক আৰু অন্তৰ আত্মাৰ শুদ্ধিৰ যি শক্তি সেই শক্তিৰ বিষয়ে উল্লেখ কৰি বৌদ্ধ ধৰ্ম গুৰু জনে কয় যে ধৰ্মই মানুহক মানুহৰ মাজলৈ লৈ আহে আৰু একতাৰ জন্ম দিয়ে। বিভিন্ন ধৰ্মৰ মাজত মিলাপ্ৰীতি বৃদ্ধি হলে সকলো ধৰ্মৰ কৰ্মৰাজি আৰু আদৰ্শৰো আদান প্ৰদান হয়। দালাই লামাই কয় যে গোটেই বিশ্ব ব্যাপি খ্ৰিষ্টান ধৰ্মালম্বী লোকসকলে যি সামাজিক কৰ্মৰাজিৰ আদৰ্শ সৃষ্টি কৰিছে সেই আদৰ্শ বৌদ্ধ ধৰ্মৰ লোক সকলেও লোৱা উচিত। লামাই কয় যে মই অনুভৱ কৰো খ্ৰীষ্টান সকলৰ সামজ সেৱাৰ আদৰ্শ প্ৰতিটো ধৰ্মই গ্ৰহণ কৰা উচিত।

বৌদ্ধ ধৰ্ম গুৰু দালাই লামাই ১৯৫৯ চনৰ পৰা ভাৰতত স্বনিৰ্বাসন কটাই আছে। চীনৰ কমিনিউষ্ট সেনাই তিব্বতত আগ্ৰাসন চলাই তিব্বত দখল কৰাৰ পিছৰে পৰা দালাই লামাই পলায় আহি ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে। বৌদ্ধ ধৰ্মগুৰু গৰাকীয়ে জনসাধাৰণৰ বাবে বিভিন্ন স্থানত বক্তৃতা অনুষ্ঠিত কৰি নিজৰ জ্ঞান আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰচাৰ কৰি আহিছে। দলাই লামাৰ কাৰ্য্যলয়ে উল্লেখ কৰা অনুসৰি দলাই লামাৰ সকলো কাৰ্য্যসূচীত উপস্থিত থকা অনুগামী সকলৰ বাবে বিনামূলীয়া থকা আৰু খোৱাৰ ব্যৱস্থা কৰা হয়। বৌদ্ধ ধৰ্ম গুৰু গৰাগকীৰ অনুষ্ঠানসমূহ ভক্ত আৰু অনুগামী সকলৰ অনুৰোধত অনুষ্ঠিত কৰা হয় আৰু দালাই লামাৰ অধিকাংশ অনুগামী মূলত পশ্চিমীয় দেশ আৰু এচিয়া মহাদেশৰ।

দালাই লামাই তিব্বতীয় ভাষাত শিক্ষা প্ৰদান কৰে, ইয়াক সমান্তৰাল ভাবে তৰ্জমা কাৰীয়ে গুৰুজনাৰ ভাষণৰ তৰ্জমা কৰি যায়। তৰ্জমাকাৰীয়ে হিন্দী, ইংৰাজী আৰু চাইনীজ ভাষাত ভাষণ সমূহ তৰ্জমা কৰি যায়। বৌদ্ধ ধৰ্মগুৰু জনাৰ মূল ধৰ্ম গৃহ ধৰমশালাত আছে। উল্লেখ্য যে দালাই লামাই ভাৰতৰ পৰাই স্বাধীন তিব্বতৰ দাবী ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰি আহিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি