Begin typing your search above and press return to search.

আমি প্ৰতিশ্ৰুতি নিদিওঁ কিন্তু যি কাম কৰিম দশক জুৰি প্ৰসাৰ হব: প্ৰধানমন্ত্ৰী মোদী

আমি প্ৰতিশ্ৰুতি নিদিওঁ কিন্তু যি কাম কৰিম দশক জুৰি প্ৰসাৰ হব: প্ৰধানমন্ত্ৰী মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 April 2019 8:46 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে আমি প্ৰতিশ্ৰুতি নিদিওঁ কিন্তু যি কাম কৰি যাম সেয়া দশক জুৰি প্ৰসাৰ হব। অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ এক ৰেলীত অংশগ্ৰহণকাৰী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্তব্য কৰে । লগতে নিজকে জনসাধাৰণৰ দাস বুলিও প্ৰকাশ কৰে । এই জন দাসে সদায় আপোনালোকৰ বাবে কাম কৰি যাব। আমি ইয়াৰ সমস্যা সমুহ সমাধানৰ বাবে কাম কৰি গৈছো আৰু আমি প্ৰতিশ্ৰুতি নিদিওঁ কিন্তু যি কাম কৰি যাব দশক ধৰি চৰ্চা হব বুলি প্ৰকাশ কৰে ।

জনসাধাৰণৰ জীৱন সূচল হোৱাৰ বাবে শৃংখলাবদ্ধ ভাৱে কাম কৰি গৈছে বুলি মোদীয়ে প্ৰকাশ কৰে । কোনো মিছা প্ৰতিশ্ৰুতি নিদিয়াকৈ খেতিয়ক সকলৰ বাবে কাম কৰাৰ লগতে বিনামূলীয়াকৈ ৰন্ধন গেছৰ ব্যবস্থা কৰি দিছে বুলি প্ৰকাশ কৰে ।

এই নিৰ্বাচন প্ৰতিশ্ৰুতি আৰু উদেশ্যৰ ওপৰত ভিত্তি হব । লগতে প্ৰকাশ কৰে যে উত্তৰ পূৰ্বাঞ্চল আৰু অৰুণাচল প্ৰদেশ পুব এছিয়াৰ মুখ্য দ্বাৰা হিচাপে প্ৰতিস্থা কৰাৰ লক্ষ্য ৰাখি কাম কৰা হৈছে । তাৰ বাবে অৰুণাচল প্ৰদেশত উপস্থিত হোৱাৰ কথাও সদৰি কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশত ৫৫ বছৰৰ ধৰি এটা পৰিয়ালে শাসন কৰি আহিছে যদিও আজিলৈকে জনসাধাৰণৰ প্ৰয়োজন সমুহ পুৰন নকৰিলে ।কিন্তু বিজেপি চৰকাৰে ৫ বছৰ শাসন কৰিয়ে পৰিৱৰ্তনৰ বাবে উন্নয়নৰ বাবে কাম কৰাৰ পদক্ষেপ লৈছে বুলি প্ৰকাশ কৰে মোদীয়ে।

স্বাধীনতাৰ ৭০ বছৰৰ পাছত অৰুণাচল প্ৰদেশৰ সকলো গাঁৱে সুবিধা লাভ কৰিছে বুলি প্ৰকাশ কৰে । কংগ্ৰেছক সমালোচনা কৰি মোদীয়ে কয় যে কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলক একো দিয়া নাই । অটল বিহাৰী বাজপেয়ীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া মন্ত্ৰালয় গঠন কৰিছিল । কংগ্ৰেছে কেৱল ভোট বেংকৰ বাবে জনসাধাৰণক ব্যবহাৰ কৰি আহিছে যাৰ বাবে আজি দেশ বাসী ভুগিব লগা হৈছে । লগতে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ খনক সমালোচনা কৰি কয় যে এইখন শোষণ আৰু ভুৱাৰ ওপৰতো প্ৰতিস্থিত সেয়েহে ইস্তাহাৰ নহয় এখন হাইপ্ৰ'কেচি ডকুমেন্ট বুলি কটাক্ষ কৰে।

পাচিঘাট এখন স্মাৰ্ট চিটীলৈ ৰূপান্তৰিত কৰাৰ কথা উল্লেখ কৰাৰ লগতে অৰুণাচল বহুতো স্বাস্থ্য কেন্দ্ৰ আৰু শিক্ষা প্ৰতিষ্ঠান হব বুলি প্ৰকাশ কৰে ।

অৰুণাচল প্ৰদেশৰ পাছত মোদী পশ্চিম বঙ্গ আৰু মহাৰাষ্ট্ৰত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি