আমেৰিকাৰ পাকিস্তানলৈ কঠোৰ সকিয়নি: ভাৰতত পুনৰ কুটাঘাত পাকিস্তানৰ বাবে সমস্যাৰ কাৰক হব

আমেৰিকাই পুনৰ পাকিস্তানলৈ কঠোৰ সকিয়নি । পুনৰ পাকিস্তানে ভাৰতত হিংসাত্মক কাৰ্যকলাপৰ সংঘটিত কৰিলে পাকিস্তানৰ বাবে সমস্যাৰ কাৰক হব। আমেৰিকা যুক্তৰাষ্ট্ৰই পাকিস্তানৰ ভুমিক সন্ত্ৰাসবাদৰ ক্ষেত্ৰলৈ পৰিনত কৰা সন্ত্ৰাসবাদী সংগঠন সমূহক কঠোৰ হাতেৰে দমন কৰিবলৈ সকিয়নি প্ৰদান কৰিছে । ভাৰতত পুনৰ পাকিস্তানী সন্ত্ৰাসবাদীয়ে হিংসাত্মক ঘটনা সংঘটিত কৰিলে পাকিস্তানৰ বাবে সমস্যাৰ কাৰন হব বুলি প্ৰকাশ কৰিছে ।
বুধবাৰে হোৱাইট হাউচৰ শীৰ্ষ কতৃপক্ষয়ে প্ৰকাশ কৰে যে পাকিস্তানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব লাগে । বিশেষকৈ জেইছ ই-মহম্মদৰ আৰু লস্কৰ- ই- তৈৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকিয়নি প্ৰদান কৰে ।
ভাৰতত বা আন ৰাষ্ট্ৰীত পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদীৰ সংগঠনে কুটাঘাত সংঘটিত কৰিলে পাকিস্তানে গুৰুত্ব ভাবে সমস্যাৰ সন্মুখীন হব ।
পুলোৱামা কাণ্ডৰ পাছত ভাৰতৰ বায়ুসেনাই বালাকোটত এয়াৰ ষ্ট্ৰাইক চলোৱা ঘটনাত আমেৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাকিস্তানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এনে কোনো কঠোৰ পদক্ষেপ লোৱা উৎচিত বুলি প্ৰকাশ কৰে ।
লগতে প্ৰকাশ কৰে যে শেহতীয়াকৈ পাকিস্তানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । পাকিস্তানৰ কেইবাটাও সন্ত্ৰাসবাদী সংগঠনৰ সম্পতি বাজেয়াপ্ত কৰাৰ লগতে কেইবাজনক আটক কৰিছে । জেইছ ই-মহম্মদৰ সংগঠনৰ সুবিধা সমূহো নিষিদ্ধ কৰিছে বুলি প্ৰকাশ কৰে ।
পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ জেইছ ই-মহম্মদে ১৪ ফেব্ৰুৱাৰীত পুলোৱামাত বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল । এই আক্ৰমণত ভাৰতৰ ৪০ জন জোৱান শ্বহীদ হৈছিল । পুলোৱামা কাণ্ডৰ পাছতে সমগ্ৰ বিশ্বয়ে পাকিস্তানৰ তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছিল । প্ৰায় ৰাষ্ট্ৰয়ে ভাৰতক সমৰ্থন কৰাৰ পৰিলক্ষিত হৈছিল।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি