আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ ডব্লিউ বুশ্বৰ দেহাৱসান

শুকুৰবাৰে মৃত্যু হয় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ ডব্লিউ বুশ্বৰ ৷ নিশা প্ৰায় ১০.৩০ বজাত মৃত্যু হোৱা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ ডব্লিউ বুশ্বৰ দেহাৱসান ঘটে ৯৪ বছৰ বয়সত ৷ জৰ্জ এইচ ডব্লিউ বুশ্ব আছিল আমেৰিকাৰ ৪১ সংখ্যক ৰাষ্ট্ৰপতি ৷
প্ৰথম কাৰ্যকল আছিল ১৯৮১ চনৰ পৰা ১৯৮৫ লৈকে ৷ আৰু দ্বিতীয় কাৰ্যকাল আছিল ১৯৮৯ ৰ পৰা ১৯৯৩ ৰ লৈকে ৷ ১৯২৪ চনত ১২ জুনত জন্ম হৈছিল জৰ্জ এইচ ডব্লিউ বুশ্বৰ ৷ বুশ্বৰ দেউতাক আছিল বেংকৰ কৰ্মচাৰী৷ইফালে ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে ১৯৮১ চনৰ পৰা ১৯৮৯ চনলৈ আমেৰিকাৰ উপ ৰাষ্ট্ৰপতিও আছিল জৰ্জ ডব্লিউ বুশ্ব ৷
আনহাতে ৰিপাব্লিকেন দলৰ এই গৰাকী নেতা সাধাৰণ জীৱন আৰু সৰলতাৰ কাৰণে বিশ্বজুৰি প্ৰসিদ্ধ আছিল ৷লগতে আমেৰিকাৰ পাৰম্পৰিক সংস্কৃতিৰ সাধক তথা সাদ্দাম হুছেইনৰ সন্দৰ্ভত সাফল্য অৰ্জন কৰাকে ধৰি বিভিন্ন প্ৰসংগত জনা যাব জৰ্জ এইচ ডব্লিউ বুশ্বক ৷উল্লেখ্য যে ৷ জৰ্জ এইচ ডব্লিউ বুশ্বে চেন্টেল ইন্টেলিজেন্সৰ সঞ্চালকৰূপেও কৰ্মৰত আছিল ৷
অন্য খবৰৰ বাবে পঢ়ক:শীৰ্ষ বাতৰি