Begin typing your search above and press return to search.

আলফা(স্বাধীন)ৰ নেতাই নিশ্চিত কৰিলে অপহৃত যুৱকৰ কুশল বাৰ্তা

আলফা(স্বাধীন)ৰ নেতাই নিশ্চিত কৰিলে অপহৃত যুৱকৰ কুশল বাৰ্তা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Nov 2018 6:59 AM GMT

আলফা স্বাধীনৰ ফালৰ পৰা অপহৃত যুৱক জনৰ কুশল বাৰ্তাৰ নিশ্চিতি প্ৰকাশ কৰি চিন্তাৰ কোনো কাৰণ নাই বুলি কোৱা হয়

আৰু অপহৃত যুৱক জনৰ ৰুগীয়া মাতৃৰ স্বাস্থ্য সম্বন্ধে আলফা জ্ঞাত নহয় বুলি উল্লেখ কৰি দুই এদিনতে যুৱকজনক মুকলি কৰি দিয়া হব

বুলি কয়। নয়ন মেধি বুলি সন্দেহ কৰা পৰেশ বৰুৱা পন্থী আলফাৰ এজন সক্ৰিয় নেতাই ফোনযোগে এই কথা সদৰি কৰে। বৃহস্পতি বাৰে

ৰাতিপুৱা জাগুনৰ শিল কুৱৰীৰ মালিক বিজয় বৰাৰ ভাতৃ পুৰ্ণ বৰাক ফোন কৰি আলফাৰ ফালৰ পৰা এই কথা কোৱা হয়।

ডিগবৈৰ ৰামনগৰৰ ২০ বছৰীয়া যুৱক অপুৰ্ব কাকতিক নৱেম্বৰৰ ২০ তাৰিখে তিনিচুকীয়াৰ পৰা ছয় কিলোমিটাৰ আটৰৰ জাগুনৰ শিলৰ খনিৰ পৰা

সন্ধিয়া ছয়মান বজাত আলফা(স্বা)ৰ কেইজনমান কেডাৰে অপৰণ কৰিছিল।আলফাৰ ফালৰ পৰা ফোন কৰি যুৱক জন সুস্থ হৈ আছে আৰু

দাৱী সমূহ পূৰণ কৰিলে সীঘ্ৰে তেওঁক মুকলি কৰি দিয়া হব বুলি ফোন কৰি পূৰ্ণ বৰাক কোৱা বুলি সংবাদ মাধ্যমক বৰাই জানিবলৈ দিয়ে।

বৰাই অপহৃত যুৱক জনৰ ৰুগ্ন মাতৃৰ কথাও ফোন কৰা ব্যক্তিজনক অৱগত কৰে বুলি কয়। ৰামনগৰৰ স্থানীয় জনতাই যুৱক জনৰ

মুক্তিৰ দাৱীত আধা ঘণ্টা পথ অৱৰোধ কৰে আৰু বিজেপি শাসিত চৰকাৰ খনত ৰাজ্যৰ নীৰিহ জনতাক সুৰক্ষা প্ৰদানত ৱ্যৰ্থ হোৱা কাৰণে চৰকাৰক সমালোচনা কৰে।

অধিক খবৰৰ বাবে পঢ়কঃ

Next Story
চাকৰি