Begin typing your search above and press return to search.

আলফায়ে কূটাঘাত মূলক কাৰ্য সম্পাদনৰ বাবে প্ৰাক্তন আলফাৰ নেতাক ব্যবহাৰ কৰিছে: আৰক্ষী

আলফায়ে কূটাঘাত মূলক কাৰ্য সম্পাদনৰ বাবে প্ৰাক্তন আলফাৰ  নেতাক ব্যবহাৰ কৰিছে: আৰক্ষী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 May 2019 8:05 AM GMT

বুধবাৰে গুৱাহাটী জো-ৰোডৰ চেন্ট্ৰেল মলৰ সমিপত সংঘটিত বোমা বিস্ফোৰণত আলফায়ে প্ৰাক্তন সদস্যক কুটাঘাত মূলক কাৰ্যকলাপত ব্যবহাৰ কৰিছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

গুৱাহাটীৰ আৰক্ষীৰ অধীক্ষক দিপক কুমাৰয়ে সংবাদ মাধ্যমক জনাই যে গুৱাহাটী বোমা বিস্ফোৰণত আলফায়ে এগৰাকী মহিলাক ব্যবহাৰ কৰিব বুলি কোনেও ভাবিব পৰা নাছিল । আলফায়ে বিভিন্ন পৰিকল্পনাত প্ৰাক্তন সদস্য সকলক ব্যৱহাৰ কৰা তথ্য আছে বুলি আৰক্ষীয়ে কয়।

গুৱাহাটী আৰক্ষীয়ে বৃহস্পতি বাৰে বোমা বিস্ফোৰণৰ লগত জৰিত থকাৰ সন্দেহত প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক গ্ৰেপ্তাৰ কৰে । বুধবাৰে বাবে আলফায়ে সংঘটিত কৰা বোমা বিস্ফোৰণত ১২ গৰাকীকৈ লোক গুৰুত্ব ভাবে আহত হৈছিল । ইয়াৰে ২ জন এচ এচ বি জোৱান আৰু শিশুও আছিল ।

শুকুৰবাৰে আলফাৰ সেনাধক্ষ্য পৰেশ বৰুৱাই কয় যে গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণটোৰ লক্ষ্য আছিল চি আৰ পি এফ আৰু এচ এচ বি জোৱান সকল। কিন্তু প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়া এই বিস্ফোৰণৰ লগত জৰিত নহয় । তেওঁলোক প্ৰতক্ষ্য ভাবে বা পৰোক্ষ্য ভাবেও আলফাৰ লগত জড়িত নহয় বুলি কয় ।

পৰেশ বৰুৱায়ে লগতে কয় যে আৰক্ষীয়ে নিজৰ সফলতা দেখুৱাবলৈ প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াৰ বিৰুদ্ধে মিছা গোচৰ তৰিছে।

আনহাতে আৰক্ষীয়ে পাঞ্জাবাৰীৰ বাসগৃহটোৰ পৰা AS-01-DQ-4420 নম্বৰৰ এখন স্কুটি জব্দ কৰিছে । স্কুটি খনত জিপিএচ ভৰ্তি হৈ থকা পৰিলক্ষিত হয়, যি বিস্ফোৰণৰ সময়ত ব্যবহাৰ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে । বাসগৃহটোৰ পৰা আৰক্ষীয়ে 9 mm পিষ্টল, ২৫ জাই সক্ৰিয় গুলী আৰু দুটা খালী কাৰ্টিজ আৰু ২০ কেজিৰ বাৰুদ আৰু আলফাৰ নোটপেড উদ্ধাৰ কৰা হৈছিল ।

শুকুৰবাৰে ন্যায়ালয়ে প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক ১০ দিন ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ অভিযোগত গীতানগৰ আৰু সাতগাঁও আৰক্ষী থানাত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ ভবনত ৰাজ্যপাল জগদীশ মুখীৰ সৈতে মিলিত হৈ ঘটনাৰ সন্দৰ্ভত জনাই ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি