অসমত অবৈধ ভাবে বসবাস কৰি অহা বিদেশী সকল পুলিচতকৈ অধিক চতুৰ। বিদেশী সকলৰ গতিবিধিৰ ওপৰত নজৰ ৰখাৰ কাৰণে এক সঠিক ব্যৱস্থা নথকাৰ বাবে আৰক্ষীৰে হোৱা বিদশীৰ লুকাভাকুৰ খেল খনত বিদেশীসকল আৰক্ষীতকৈ অধিক শক্তিশালীহৈ পৰিছে।১৯৬৬ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত অসমলৈ অহা বিদেশী সকলে আঞ্চলিক বিদেশী পঞ্জীয়ণ কেন্দ্ৰত নিজৰ পঞ্জীয়ণ ফাঁকি দিয়াৰ পিছতো আৰক্ষীৰ চকুত ধূলি দি থকাটো গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে।ৰাজ্যৰ বিদেশী ন্যায়াধিশীকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পিছতো এই সকল বিদেশীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হৈছে অসম আৰক্ষী।
অসম চুক্তিত উল্লেখ থকা বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৭১ চনৰ ২৪ মাৰ্চৰ ওপৰিও অসম চুক্তি মতে ১৯৬৬ চনৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজৰাতিৰ ভিতৰত অহা বাংলাদেশী সকলে আঞ্চলিক বিদেশী পঞ্জীয়ণ কেন্দ্ৰত নিজৰ নাম সমূহ পঞ্জীয়ণ কৰিব লাগে।অসম চুক্তি অনুসৰি আঞ্চলিক বিদেশী পঞ্জীয়ণ কেন্দ্ৰত নাম পঞ্জীয়ণ কৰা লোক সকলৰ নাম দহ বছৰলৈ ভোটাৰ তালিকাত সন্নবিষ্ট হব নোৱাৰিব। অসম চৰকাৰৰ গৃহ বিভাগে প্ৰকাশ কৰা এক সংকলন মতে এই সময়ছোৱাত ভাৰতত বাংলাদেশৰ পৰা প্ৰবেশ কৰা ১৫৬৩৬ জন লোকক বিদেশী বুলি বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰাৰ পিছতো এতিয়ালৈ এই লোক সকলে আঞ্চলিক বিদেশী পঞ্জীয়ণ কেন্দ্ৰত নিজৰ নাম পঞ্জীয়ণ কৰা নাই।
দুখৰ বিষয় যে এই সকল লোকে আৰক্ষীৰ চকুত ধূলি দি সঘনে নিজৰ থকা ঠাই সলনি কৰি থাকে অৰু নতুন নতুন ঠাইৰ ভোটাৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰি লয়। বিদেশী নিৰীক্ষণ ব্যৱস্থাত থকা সুৰুঙাৰ বাবেই এই সকল লোকে অতি সহজেই এনেধৰণৰ কাম কাজ কৰি আহিছে। মাজে সময়ে ৰাজ্যৰ গৃহ বিভাগ আৰু আৰক্ষী বিভাগে এই সকল লোকক কৰায়ত্ত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে কৰে যদিও কৰায়ত্ত কৰা লোকৰ সংখ্য খুবেই তাকৰ।ৰাজ্যিক গৃহ বিভাগৰ তথ্যমতে ১৯৬৬-১৯৭১ চনৰ ভিতৰত অসমলৈ অহা লোকৰ সংখ্যা হোজাই জিলাত আটাইতকৈ বেছি। আঞ্চলিক বিদেশী পঞ্জীয়ণ কেন্দ্ৰত পঞ্জীয়ণভূক্ত প্ৰায় ৪২৩২ জন বিদেশী হোজাই জিলাত আছে।হোজাইৰ পিছতে আন আন বিদেশী থকা জিলা কেইখন হৈছে নগাওঁ(২৯০৩), মৰিগাওঁ(১৮৭৯), দৰং(১০২৮), তিনিচুকীয়া(১০১২),কোকৰাঝাৰ(৫৯০),কৰিমগঞ্জ(৫৮৩),ধেমাজি(৪৬৬),শোনিতপুৰ(৪৫৭) আৰু লখিমপুৰ(৪৫৫)জন।
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি