Begin typing your search above and press return to search.

আৰক্ষীয়ে উদ্ধাৰ কৰিলে দুখনকৈ চুৰি হোৱা বাহন

আৰক্ষীয়ে উদ্ধাৰ কৰিলে দুখনকৈ চুৰি হোৱা বাহন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Dec 2018 10:09 AM GMT

গুৱাহাটীৰ লখৰাৰ পৰা ডিচেম্বৰৰ ১ তাৰিখে চুৰি হোৱা এ এচ ২৫ বিচি ৪১৪৯ নম্বৰৰ মাল কঢ়িওৱা বাহনখন উক্তদিনাই কাৰ্বি আংলঙৰ ডিল্লাইৰ পৰা উদ্ধাৰ কৰা হয়।চুৰি হোৱা গাড়ীখনৰ গৰাকী মহেন্দ্ৰ বৰাই ৭০৯/১৮৪/এচ ৩৭৯ IPC ৰ অধীনত গড়চুক আৰক্ষী চকীত এখন এফ আই আৰ দাখিল কৰে। সেই এফ আই আৰৰ ভিত্তিতে কাৰ্বি আংলঙৰ পৰা গাড়ীখন জব্দ কৰা হয়।কাৰ্বি আংলঙৰ ডিল্লাইত পহৰাদাৰী আৰক্ষীয়ে গাড়ীখনক ৰবলৈ সংকেট দিয়াৰ পিছতো গাড়ীখন নৰখোৱাত আৰক্ষীয়ে গাড়ীখন কৰায়ত্ত কৰে, পাছত আৰক্ষীয়ে কৰায়ত্ত কৰা গাড়ীখনে গড়চুকৰ পৰা হেৰোৱা গাড়ীখন বুলি চিনাক্ত কৰে।উদ্ধাৰ হোৱা গাড়ীখনৰ সৈতে চালক বিকাশ কালাঙক গড়চুক আৰক্ষীৰ হাতত গটাই দিয়া হয়। আটকাধীন গাড়ীচোৰ জনক আদালতত প্ৰাথমিক শুনানিৰ পাছত পৰবৰ্তী আইনী ব্যৱস্থাৰ বাবে আৰক্ষীৰ হাতত গটাই দিয়া হয়।

আন এখন চুৰি হোৱা অটো ভ্যান উদ্ধাৰ কৰা হয়।প্ৰাপ্ত খবৰ মতে নবেম্বৰৰ ২৭ তাৰিখে বৰাগাওঁৰ পৰা চুৰি হোৱা অটো ভ্যান খন বঙাইগাওঁৰ বৈটামাৰীৰ পৰা উদ্ধাৰ কৰা হয়। গাড়ীখনৰ সৈতে মইনুল হক আৰু ৰহমান আলী নামৰ গাড়ী চোৰ দুজনকো আৰক্ষীয়ে আটক কৰে। ৰাজ্যত ক্ৰমাগত ভাবে বৃদ্ধি পাইছে গাড়ী চোৰৰ উপদ্ৰপ।সততে চোৰক কৰায়ত্ত কৰাত ব্যৰ্থ হোৱা আৰক্ষীৰ বাবে দুখনকৈ গাড়ী উদ্ধাৰ কৰাটো নিশ্চিতভাবে উল্লেখযোগ্য ঘটনা।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি