আৰক্ষীৰ অভিযানত দুজন এনডিএফবি(এচ)কেডাৰ গ্ৰেপ্তাৰ

আৰক্ষীৰ অভিযানত দুজন এনডিএফবি(এচ)কেডাৰ গ্ৰেপ্তাৰ
Published on

অসমৰ বিদ্ৰোহী সংগঠন সমূহৰ বিৰুদ্ধে বিশেষ সূত্ৰৰ জৰিয়তে পোৱা অনুসন্ধানৰ পম খেদি চলাই অহা ক্ৰমাগত অভিযানৰ অংশস্বৰূপে বৃহস্পতিবাৰে সন্ধিয়া সেনা আৰু আৰক্ষীয়ে চলোৱা এক যুতীয়া অভিযানত ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী চকীৰ অন্তৰ্গত মাজবাট ৰেলৱে ষ্টেচনৰ পৰা দুজন সক্ৰিয় এন ডি এফ বি কেডাৰক গ্ৰেপ্তাৰ কৰে।

ঘটনাৰ বিবৰণীমতে মাজবাট আৰক্ষী, গোৰ্খা ৰেজিমেণ্টৰ সেনাৰ ১৪ নম্বৰ বেটেলিয়ান, ২১০ নম্বৰ কোব্ৰা কামাণ্ডো আৰু অসম পুলিচ ৰেঞ্জাৰে অভিযান চলাই ৫৫৭১৪ নম্বৰ ৰঙিয়া-ডেকাৰগাঁও যাত্ৰী বাহী ৰেল গাড়ীখনৰ ৪ নম্বৰ দবাটোৰ পৰা দুজন সক্ৰিয় এন ডি এফ বি কেডাৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা কেডাৰ দুজনৰ এজন ওদালগুৰি জিলাৰ ওদালগুৰি আৰক্ষী চকীৰ অন্তৰ্গত

কোইহৰাবাৰী গাঁওৰ নিবাসী চৌমখাৰ দৈমাৰী ওৰফে ডি. চৌগৰ(২৩) আৰু আনজন কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰি আৰক্ষী চকীৰ অন্তৰ্গত শালগুৰি গাঁওৰ জোংচৰ মূছাহাৰী ওৰফে এম. জৌংমি(১৮) বুলি চিনাক্ত কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা কেডাৰ দুজন ৪০ নং আৰু ৪২ নং দলৰ প্ৰশিক্ষণ প্ৰাপ্ত কেডাৰ। দুয়োজন শন্ত্ৰাসবাদীয়ে ম্যানমাৰত থকা উগ্ৰপন্থী প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ সামৰি উভতি আহিছিল। ইতিমধ্যে ধৃত কেডাৰ জোৱান দুজনৰ বিপক্ষে মাজবাট আৰক্ষী চকীত ৬৬/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com