আৰ্জেণ্টিনাত থকা প্ৰবাসী ভাৰতীয় সকল,দুয়োখন দেশৰ মাজত থকা সাঁকোৰ দৰে:নৰেন্দ্ৰ মোডী

আৰ্জেণ্টিনাত থকা প্ৰবাসী ভাৰতীয় সকল,দুয়োখন দেশৰ মাজত থকা সাঁকোৰ দৰে:নৰেন্দ্ৰ মোডী
Published on

জি-২০ সন্মিলনত অংশ লবৰ বাবে আৰ্জেণ্টিনাত উপস্থিত হোৱা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুক্ৰবাৰে আৰ্জেণ্টিনাত বসবাস কৰি অহা প্ৰবাসী ভাৰতীয় সকল দুয়োখন দেশৰ মাজত থকা সাঁকোৰ দৰে বুলি মন্তব্য কৰে। এই প্ৰবাসী ভাৰতীয় সকলে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু আলোচনাক অধিক সুদৃঢ় কৰিব বুলি ভাৰতীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়।বৃহস্পতি বাৰে 'শান্তিৰ বাবে যোগ' শীৰ্ষক এক অনুষ্ঠানত অংশলৈ প্ৰধান মন্ত্ৰী মোডীয়ে আৰ্জেটিনা আৰু ভাৰতৰ মাজত সহযোগিতাৰ বাবে বহু সম্ভাবনা মুকলি হৈ আছে বুলি উল্লেখ কৰে আৰু এই সহযোগিতাৰ যোগেদি দুয়োখন দেশ ব্যাৱসায়,ঔষধ,তেল,গেছ আৰু আই.টি আদি ক্ষেত্ৰত লাভাম্বিত হব বুলি কয়।

মোডীয়ে অনুষ্ঠানটোত প্ৰবাসী ভাৰতীয় সকলক আৰ্জেণ্টিনাত থকা ভাৰতৰ দূত বুলি উল্লেখ কৰে আৰু কয় জল,স্থল,বায়ু সকলোতে দুয়োখন দেশৰ সহযোগিতাই সোনালী ভবিষ্যতৰ জন্ম দিব। যোগৰ সাধনাই দুয়োখন দেশৰ মাজৰ সম্পৰ্কক আৰু মজবুত কৰিব বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে। যোগৰ অৰ্থ হল একতা আৰু যোগে সুখ-সমৃদ্ধি বৃদ্ধি কৰে, যোগৰ দ্বাৰা হাজাৰ কিলোমিটাৰ দূৰত্বত থকা ভাৰত আৰু আৰ্জেণ্টিনাৰ মানুহৰ মাজত আত্মিক সম্পৰ্ক স্থাপন হব বুলি মোডীয়ে মন্তব্য কৰি আৰ্জেটিনাত স্থায়ী ভাবে বসবাস কৰি অহা ভাৰতীয় সকলক বিশাল ভাৰতীয় সংস্কৃতিৰ লগত চিনাকী হবৰ বাবে বন্ধু-বান্ধৱ,আত্মীয় স্বজনৰ লগত ভাৰত ভ্ৰমণলৈ অহাৰ বাবে আহ্বান জনাই।

২০১৯ চনৰ জানুৱাৰী মাহত কাশীত অনুষ্ঠিত হব প্ৰবাসী ভাৰতীয় দিৱস, ইয়াৰ সমান্তৰাল ভাবে প্ৰয়াগৰাজত অনুষ্ঠিত হব মহা কুম্ভমেলা। এই সময়ছোৱাত বিশাল ভাৰতীয় সংস্কৃতি, নৱ আৰু পুৰণি ভাৰতৰ লগত একাত্ম হবৰ বাবে প্ৰবাসী আৰ্জেণ্টিনাৰভাৰতীয় সকলক স্বদেশলৈ আহাৰ বাবে আমন্ত্ৰণ জনাই প্ৰধানমন্ত্ৰী মোডীয়ে। জি-২০ সন্মিলনত বিশ্ব অৰ্থনিতি,জলবায়ু পৰিবৰ্তন আদি গুৰুত্বপূৰ্ণ দিশত ভাৰতে চৰ্চা কৰিব বুলি মোডীয়ে অনুষ্ঠানত উল্লেখ কৰে। ৬০০ লোকে অংশ লোৱা অনুষ্ঠানটেোত আৰ্জেনটাইন বিখ্যাত কন্ঠশিল্পী পেটৰিকা চোচাই সংগীত পৰিবেশন কৰে। আৰ্ট অফ লিভিঙক সুন্দৰ অনুষ্ঠান এটা আয়োজন কৰা বাবে মোডীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু ভাৰতীয় সংগীত,দৰ্শন,নৃত্য আদিত আৰ্জেণ্টিনাৰ আগ্ৰহৰ কথা উল্লেখ কৰি ভাৰততো আৰ্জেণ্টিনাৰ ফুটবল সম্ৰাট মাৰাডোনাৰ অজস্ৰ গুণমুগ্ধ আছে বুলি কয়।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com