আজি প্ৰাক্তন ৰাষ্ট্ৰপতি তথা কংগ্ৰেছৰ জেষ্ঠ নেতা প্ৰনৱ মুখাৰ্জীক সাক্ষাৎ কৰি আৰ্শীবাদ লয় । ৩০ মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীক সাক্ষাৎ কৰি নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে প্ৰনৱ মুখাৰ্জীৰ লগত লগ কৰাটো সদায় অভিজ্ঞতা সমৃদ্ধ হয় । তেওঁ জ্ঞান আৰু অন্তৰ্দৃষ্টি অতুলনীয় । দেশৰ বাবে তেওঁৰ যথেষ্ট অবদান আছে"। লগতে মোদীয়ে টুইটাৰত ফটোও পষ্ট কৰে ।
উল্লেখযোগ্য যে মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰ খনে জানুৱাৰীত প্ৰনৱ মুখাৰ্জীক "ভাৰত ৰত্ন " প্ৰদান কৰিছিল ।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি