Begin typing your search above and press return to search.

ইউজিচি পে’ স্কেলত দৰমহা লাভ কৰিব মহাবিদ্যালয়ৰ কৰ্মচাৰীয়ে : হিমন্ত বিশ্ব শৰ্মা

ইউজিচি পে’ স্কেলত দৰমহা লাভ কৰিব মহাবিদ্যালয়ৰ কৰ্মচাৰীয়ে : হিমন্ত বিশ্ব শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 July 2018 12:35 PM GMT

ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কয় যে মহাবিদ্যালয়ৰ কৰ্মচাৰীয়ে ইউজিচি পে' স্কেলত দৰমহা লাভ কৰিব। বিশ্ববিদ্যালয়ৰ প্ৰবক্তাসকলেও ইউজিচি পে’ স্কেলত দৰমহা লাভ কৰিব।ৰাজ্যৰ ৮,৮০০গৰাকী কৰ্মচাৰীয়ক প্ৰদান কৰা হ’ব ইউজিচি পে’ স্কেলত দৰমহা। ইয়াৰ বাবে বছৰি প্ৰায় ১৬৬ কোটি টকা খৰচ হব। পৰৱৰ্তী সময়ত চিকিৎসা মহাবিদ্যালয়, দন্ত মহাবিদ্যালয়, আইটিআই আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহকো সাঙোৰি লোৱা হব ।ইতিমধ্যে অনুমোদন হোৱা প্ৰণাম আইনখন ২ অক্টোবৰৰ পৰা ৰূপায়ন হোৱাৰ কথাও জানিবলৈ দিয়ে মন্ত্ৰীজনে। এই আঁচনিৰ জৰিয়তে চাকৰিয়াল সন্তানৰ ১০ শতাংশ দৰমহা দাবী কৰিব পাৰিব পিতৃ-মাতৃয়ে। যদিহে পৰিয়ালত দিব্যাংগ সদস্য থাকে তেন্তে দাবী কৰিব পাৰিব ১৫ শতাংশ দৰমহা।

Next Story
চাকৰি