Begin typing your search above and press return to search.

ইউ.টি.চিয়ে জনজাতীয় লোকক উপকৃত কৰিব: বি.জে.এচ.এম

ইউ.টি.চিয়ে জনজাতীয় লোকক উপকৃত কৰিব: বি.জে.এচ.এম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Nov 2018 10:32 AM GMT

বিটিচিক ইউ.টি.চিলৈ উন্নীত কৰাৰ প্ৰাস্তাবিত প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি বিটিচিৰ অবড়ো,আক্ৰাছু আৰু আমছুৱে দিয়া অসম বন্ধক অবৈধ আখ্যা দিছে বড়োলেণ্ড জনজাতীয় সুৰক্ষা মঞ্চয়। বড়োলেণ্ড জনজাতীয় সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰীয়ে কয় সংবিধান অনুযায়ী এই উন্নীত কৰণ প্ৰক্ৰিয়া বিটিচি প্ৰশাসন আৰু বিটিচিৰ জনজাতীয় জনসাধাৰ বাবে ফলপ্ৰসু আৰু লাভদায়ক। তেও আকৌ কয় যে যিসকল লোকে বন্ধ ঘোষনা কৰিছে তেওঁলোক অজনজাতীয় আৰু অসুৰক্ষিত শ্ৰেণীৰ লোক, বহুসংখ্যকে বিটিচিৰ জনজাতীয় বেল্ট আৰু ৰাজহ চক্ৰ সমূহত অবৈধ ভাবে বসবাস কৰি আহিছে গতিকে এইসকল লোকৰ বন্ধ ঘোষনা কৰি ষষ্ঠ অনুসূচীত জনজাতীয় অঞ্চলত অশান্তি বিয়পোৱাৰ কোনো অধিকাৰ নাই।

জনজাতীয় নেতাজনে কয় যে খিলঞ্জীয়া অসমীয়া আৰু মুছলমান সকলে প্ৰস্তাবিত বড়োলেণ্ডৰ বিৰোধিতা কৰা নাছিল, এক শ্ৰেণীৰ বাংলাদেশী প্ৰব্ৰজনকাৰী আৰু ৰাজবংশীসকলে ইয়াৰ প্ৰতিবাদ কৰিছিল। এইবোৰ সংগঠনে এতিয়া বন্ধ ঘোষনা কৰি জনজাতি সংৰক্ষিত অঞ্চলটোৰ শান্তি-সম্প্ৰিতি বিঘ্নিত কৰাৰ চেষ্টা কৰি আহিছে। আক্ৰাছু, এ.এচ.এচ.ইউ, অবড়ো সুৰক্ষা সমিতি,নাথ-যোগী সন্মিলনীয়ে বিটিচিক ইউ.টি.চিলৈ উন্নীত কৰাৰ প্ৰাস্তাবিত প্ৰক্ৰিয়াৰ বিৰোধিতাৰে ঘোষনা কৰা অসম বন্ধৰ প্ৰথম দিনাৰ মিশ্ৰিত প্ৰভাবপৰা দেখা গ'ল কোকৰাঝাৰত। ব্যাক্তিগত দোকান-প্ৰতিস্থান সমুহ বন্ধ থকাৰ বিপৰীতে চৰকাৰী অফিচ-কাচাৰী খোলা থাকে।

অধিক খবৰৰ বাবে পঢ়ক:

Next Story
চাকৰি