Begin typing your search above and press return to search.

ইউ পি এচ চি ফলাফল ঘোষণা: অসমৰ ১৩ জন পৰীক্ষাৰ্থী উৰ্ত্তীৰ্ণ

ইউ পি এচ চি ফলাফল ঘোষণা: অসমৰ ১৩ জন পৰীক্ষাৰ্থী উৰ্ত্তীৰ্ণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 April 2019 9:23 AM GMT

শুকুৰবাৰে ইউ পি এচ চি চুড়ান্ত ফলাফল ঘোষণা কৰে । ২০১৮ চনৰ কেন্দ্ৰীয় লোক সেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১৩ জন পৰীক্ষাৰ্থী উৰ্ত্তীৰ্ণ হৈছে ।

ইউ পি এচ চি চুড়ান্ত ফলাফলত অসমৰ তন্ময় বলিষ্ঠ শৰ্মায়ে দশম স্থানত উৰ্ত্তীৰ্ণ হৈছে । আনহাতে মৃগাংক শেখৰ পাঠকে ১০৩ নম্বৰ স্হান, উৰ্ত্তীৰ্ণ ৰঞ্জিতা শৰ্মায়ে ১৩০ নম্বৰ স্হানত, নমিতা শৰ্মায়ে ১৪৫ নম্বৰ স্হানত উৰ্ত্তীৰ্ণ হৈছে । দিপাংকৰ চৌধৰীয়ে ১৬৬ নম্বৰ স্হানত, গৰিমা শৰ্মায়ে ১৭০ নম্বৰ স্হানত, ঋষভা গাৰ্গৰে ২০০ নম্বৰ স্হানত , অৰন্যক শইকীয়ায়ে ২৮৭ নম্বৰ স্হানত উৰ্ত্তীৰ্ণ হৈছে । ফৌৰমান ব্ৰহ্ময়ে ৪২৯ নম্বৰ স্হানত, অভিষেক গোস্বামীয়ে ৫২৫ নম্বৰ স্হানত, তাপচ বসুমতাৰীয়ে ৬৪৫ নম্বৰ স্হানত, সৌৰভ শৰ্মায়ে ৬৫৬ নম্বৰ স্হানত আৰু দীক্ষা লাংথাচাৰে ৭০৮ নম্বৰ স্হানত উৰ্ত্তীৰ্ণ হৈছে।

লোকসৱা আয়োগৰ প্ৰাথ্যমিক পৰীক্ষা ২০১৮ চনৰ জুনত অনুষ্ঠিত কৰিছিল । ৪,৯৩,৯৭২ পৰীক্ষাৰ্থী অবৰ্তীন হৈছিল । ২০১৮ চনৰ ছেপ্তেম্বৰ - অক্টোবৰত অনুষ্ঠিত লিখিত পৰীক্ষাত ১০,৪৬৮ পৰীক্ষাৰ্থী উৰ্ত্তীৰ্ণ হৈছিল । ২০১৯ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ অনুষ্ঠিত পাৰচনেলিটি টেষ্টত ১৯৯৪ জন উৰ্ত্তীৰ্ণ হৈছিল । ৭৫৯ জন পৰীক্ষাৰ্থীক আয়োগে বিভিন্ন সেৱাত নিয়োজিত কৰিব । ৭৫৯ ৰ ভিতৰত ৫৭৭ জন পুৰুষ আৰু ১৮২ গৰাকী মহিলা ।

ইউ পি এচ চিৰ চুড়ান্ত ফলাফল কনিষ্ক কাটাৰিয়াই শীৰ্ষ স্থান দখল কৰে । অক্ষত জৈনে দখল কৰে দ্বিতীয় স্হান, জুনাইড আহমেদে তৃতীয় স্থান দখল কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি