Begin typing your search above and press return to search.

ইজৰাইল দূত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মাজত দ্বিপাক্ষিক চুক্তি

ইজৰাইল দূত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মাজত দ্বিপাক্ষিক চুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 May 2019 9:45 AM GMT

বুধবাৰে ইজৰাইলৰ দূত ডঃ ৰন মালকা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বৈঠকত মিলিত হয় । ব্ৰহ্মপুত্ৰ ৱাটাৰ মেনেজমেন্টৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ ব্যবহাৰ, কৃষিৰ ক্ষেত্ৰত, বানপানী ৰোধ, অভিনৱতাৰ ওপৰত আলোচনা কৰা হয় ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আৰু ইজৰাইল এম্বেচাদৰ ডঃ ৰন মালকা মাজত হোৱা ৩০ মিনিটৰ বৈঠকত ইজৰাইল আৰু অসমৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নয়নৰ কথা আলোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ইজৰাইল চৰকাৰক গুৱাহাটীত এটা দূতবাস স্থাপনৰ অনুৰোধ কৰে।

প্ৰেছ বিবৃতিত প্ৰকাশ কৰে যে, ৰাজ্যৰ যুৱ প্ৰজন্মৰ উন্নয়নৰ ক্ষেত্ৰতো আলোচনা কৰে। ডঃ ৰণ মালকা ৰাজ্যৰ ৰাজ্য খনত পৰ্যটনৰ যথেষ্ট থল আছে । অসমৰ চাহ বাগিছাকে ধৰি বিভিন্ন ক্ষেত্ৰত বহুতো পৰ্যটনৰ উন্নয়ন কৰিব লগা আছে। পৰ্যটক ক্ষেত্ৰত অসম আৰু ইজৰাইলে সুবিধা প্ৰদান কৰিব ।অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাময় পৰ্যটন উদ্যোগ সঠিক দিশত আগুৱাই নিবলৈ যিকোনো সহায় সহযোগিতাৰ বাবে আগ্ৰহী ইজৰাইলৰ চৰকাৰ। আনহাতে ভাৰতক ইজৰাইলৰ আটাইতকৈ ভাল বন্ধু বুলি আখ্যা দি ডঃ ৰণে কয় যে ভাৰত ইজৰাইলৰ ক্ৰমবৰ্ধমান দ্বিপাক্ষিক সম্পৰ্কীয়ে দুয়োখন দেশকে উপকৃত কৰিব বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি