ইটা ভাটাৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ

ইটা ভাটাৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ
Published on

সোনাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জেনিফাৰ য়াচমিনে অতৰ্কিতে চলোৱা এক অভিযানত সোনাপুৰৰ সমীপবৰ্তী চামতাপথাৰৰ লিঅ' ইটা ভাটাৰ পৰা তিনিজন শিশু কৰ্মীক উদ্ধাৰ কৰে। ইটা ভাটাটোৰ মালিকপক্ষই দীৰ্ঘদিন ধৰি ইটা ভাটাটোত শিশু শ্ৰমিকক অবৈধ ভাবে কাম কৰাই আছে। চক্ৰ বিষয়া চৌধুৰীয়ে সাংবাদিকক কয় যে ইটা ভাটাটোত অতি কম পৰিমানৰ দৰমহা দি শিশু শ্ৰমিক সকলক কাম কৰাই আহিছে, ই নিশ্চিতভাবে এক শোষণ সম্বন্ধীয় অপৰাধ। ইটা ভাটাটোৰ পৰা এখন ডাম্পাৰ আৰু জেচিবিও জব্দ কৰা হয়। জব্দ কৰা ডাম্পাৰ আৰু জেচিবিখন অবৈধ ভাবে মাটি খন্দা কামত ব্যবহাৰ হৈ আছিল, বৰ্তমানে বাহন দুখন বন বিভাগৰ হাতত গতাই দিয়া হৈছে। লিঅ' ইটা ভাটাটোৰ মালিকক ভাটাটোৰ অনুজ্ঞাপত্ৰ ১৪ ডিচেম্বৰৰ আগত সোনাপুৰ ৰাজহ চক্ৰৰ কাৰ্য্যলয়ত জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com