Top
Begin typing your search above and press return to search.

ইণ্ডোনেছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা

ইণ্ডোনেছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2018 5:43 AM GMT

ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা । জাকাৰ্টাৰ পৰা উৰা মৰা লায়ন এয়াৰলাইনছৰ এখন যাত্ৰীবাহী বিমান নিয়ন্ত্ৰন হেৰুৱাই পৰিলগৈ জাভা সাগৰত । ব’য়িং বিমান খনত ১৮৯ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ।

লায়ন এয়াৰলাইনছৰ বিমান খনে উৰা মৰা ১৩ মিনিটৰ পাছতে ৰাডাৰৰ পৰা সংযোগ হেৰুৱাই পেলাই । সকলো খিনি যাত্ৰীৰে মৃত্যু হোৱা বুলি ধাৰনা কৰা হৈছে ।

সোমবাৰে ৰাতিপুৱা ইণ্ডোনেছিয়াৰ সময় অনুসৰি ৬:২০ বজাত জাকাৰ্টাৰ পৰা সুমাত্ৰা দ্বীপৰ ৰাজধানী পাংকল পিনাংগলৈ উৰা মাৰিছিল বিমানখনে । ইণ্ডোনেছিয়াৰ পৰিবহণ মন্ত্ৰী কাৰ্যালয়ে সেয়েহে বিমানখন জাভা সাগৰত দুৰ্ঘটনাত পতিত হোৱাৰ কথা নিশ্চিত কৰিছে ।

উদ্ধাৰকাৰী দলে বিমানৰ আসন আৰু বিমানৰ টুকুৰা জাভা সাগৰত দেখা পাইছে । ইতিমধ্যে জাভা সাগৰত দ্ৰুত গতিত উদ্ধাৰ অভিযান চলি আছে ।

Next Story