প্ৰথমগৰাকী জাপানীজ টেনিচ খেলুৱৈ হিচাপে গ্ৰেণ্ডশ্লাম জয় কৰিলে ২০ বছৰীয়া নাওমি অচাকাই।বছৰৰ অন্তিমটো গ্ৰেণ্ডশ্লাম আমেৰিকান অপেনৰ মহিলা ফাইনেলত জাপানৰ তাৰকা গৰাকীয়ে পৰাস্ত কৰে আমেৰিকাৰ কিম্বদন্তি টেনিচ তাৰকা ছেৰেনা উইলিয়াচক।জাপানৰ তাৰকা গৰাকীয়ে ৭৯ মিনিট চলা যুঁজ খনত ৬-২, ৬-৪ ব্যৱধানত পৰাস্ত কৰে ছেৰেনাক।মেছৰ সময়ত ছেৰেনাই ৰেকেট ভাঙি পেলোৱাৰ লগতে ৰেফাৰীৰ লগত বাক-যুদ্ধত লিপ্ত হয়।ফাইনেলৰ অন্তত অচাকাই কয় যে ছেৰেনাৰ লগত ফাইনেলত খেলাতো মোৰ বাৰে সপোনৰ কথা আৰু মই তেওঁ লগত খেলিবলৈ পাই সৌভাগ্য অনুভৱ কৰিছো লগতে মহান খেলুৱৈ গৰাকীক ধন্যবাদ জ্ঞাপন কৰিছো।
Begin typing your search above and press return to search.