ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে ইতিহাস ৰচনা কৰি ৰূপৰ পদক জয় কৰিছে।ইণ্ডোনেছিয়াৰ জাকাৰ্টাত চলি থকা এছিয়ান গেমছৰ ৪০০ মিটাৰ দৌৰত ৫০.৭৯ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি ৰূপৰ পদক অৰ্জন কৰে।ছেমিফাইনেলত তাৰকা দৌৰবিদ গৰাকীয়ে ৫১.০০ ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰিছিল, ফাইনেলত আকৌ এদিনৰ পূৰ্বে গঢ়া নিজৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয়।অসম সন্তান হিমাই ১৪ বছৰীয়া পুৰনি ৰাষ্ট্ৰীয় ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছিল।হিমাই অলপতে ২০ বছৰ উনূৰ্ধ্ব বিশ্ব চেম্পিয়নস্বিপত স্বৰ্ণ পদক জয় কৰি অভিলেখ গঢ়িছিল।অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ পাছত এছিয়ান গেমছত পদক অৰ্জন কৰা দ্বিতীয় গৰাকী অসমীয়া হিচাপে পৰিগনিত হৈছে হিমা।ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয় কৰিছিল। খেলুৱৈ গৰাকীৰ সফলতাৰ বাবে অসমৰ লগতে সমগ্ৰ দেশবাসীয়ে শুভকামনা জ্ঞাপন কৰিছে।
Begin typing your search above and press return to search.