ইভিএমৰ বিসংগতিৰ মাজতে লোকসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিলে জনসাধাৰণে

আজি দ্বিতীয় পৰ্যায়ত নিৰ্বাচন দেশৰ ১১ খন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত পৰিষদৰ ৯৫ খন আসন বাবে অনুষ্ঠিত হৈছে ।
দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন লোকসভা সমষ্টিত ইভিএম আৰু ভিভিপেটৰ বিসংগতিৰ বাবে বহু সময় পলমকৈ ভোট গ্ৰহণ আৰম্ভ হৈছে বুলি প্ৰকাশ কৰিছে । অসমৰ শিলচৰৰ ভোটাৰ সকলে ইভিএম বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে । উত্তৰ প্ৰদেশৰ আগ্ৰা, মথুৰা আৰু হাথ্ৰাচত ইভিএমৰ বিসংগতি হৈছে ।
দ্বিতীয় পৰ্যায়ত নিৰ্বাচন কৰ্ণাটকৰ ১৪ লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে, লগতে মহাৰাষ্ট্ৰত ১০ টা লোকসভা সমষ্টিত, উত্তৰ প্ৰদেশৰ ৮ সমষ্টিত, অসমত ৫ টা সমষ্টিত , বিহাৰ আৰু উৰিষ্যাৰ ৫ টা সমষ্টিত, ছট্টিছগড় আৰু পশ্চিম বংগত ৩ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। জম্বু কাশ্মীৰৰ ২ টা সমষ্টিত আৰু মনিপুৰ আৰু পুদুছেৰীৰ ১ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ।
নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাই । টুইটাৰযোগে প্ৰধানমন্ত্ৰী প্ৰকাশ কৰে যে আজি দ্বিতীয় পৰ্যায় নিৰ্বাচন আৰম্ভ হৈছে দেশত। নিৰ্বাচনত সকলোৱে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে । যুৱ প্ৰজন্ময়ে যাতে ভোটাধিকাৰ সাব্যস্ত তাৰ বাবেও আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে ।
পুৱা বহুতো ৰাজনৈতিক নেতা আৰু অভিনেতা অভিনেত্ৰী সকলে ভোট দান সাব্যস্ত কৰে । ছুপাৰষ্টাৰ ৰজনীকান্ত, কামাল হাচান আৰু জীয়ৰী শ্ৰুতি হাচানে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।
কংগ্ৰেছৰ নেতা পি. চিদাম্বৰমে শিৱনগৰত, সুশিল কুমাৰ সিন্ধে চলাপুৰত ভোটাধিকাৰ সাব্যস্ত কৰে । প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে বেংগলৰ জয়ানগৰত ভোটাধিকাৰ সাব্যস্ত কৰে ।
অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি