উদ্যোগপতি মুকেশ আম্বানীৰ জীয়ৰী ইশা আম্বানীৰ বিয়া ডিচেম্বৰৰ ১২ তাৰিখে ৷ দৰা আনন্দ পীৰামল ৷ অজয় আৰু স্বাতি পীৰামলৰ পুত্ৰ আনন্দ পীৰামল ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ইশা আম্বানী বিয়াৰ পিছত প্ৰায় ৪৫২.৫ কোটি টকাৰ ৱৰ্লীস্থিত "অ’ল্ড গুলীটা বাংলা"ত থাকিব৷এই বাংলাটো হ’বলগীয়া বোৱাৰী ইশা আৰু পুত্ৰ আনন্দক উপহাৰ হিচাপে দিছে আনন্দ পীৰামলৰ পিতৃ মাতৃয়ে। ইফালে আনন্দৰ পিতৃ মাতৃয়ে পুত্ৰ বোৱাৰীক উপহাৰ দিয়া ঘৰটোৰ চাৰিওফালৰ দৃশ্য অতি মোহনীয় ৷ ৱৰ্লীস্থিত পাঁচমহলাৰ অল্ড গুলীটা বাংলাটোৰ পৰা সমগ্ৰ সাগৰৰ দৃশ্য দেখিবলৈ পোৱা যায় ৷ বাংলাটো হৈছে প্ৰায় ৫০০ বৰ্গফুটৰ ৷ আনন্দ পীৰামলৰ পিতৃ অজয় পীৰামলে ২০১২ চনত এই ৫ মহলাৰ বিশাল ঘৰটো ক্ৰয় কৰিছিল৷
শেহতীয়া এক তথ্য অনুসৰি,ঘৰটোৰ নিলাম কৰাৰ সময়ত অনিল অম্বানী আৰু গৌতম অডানীও উপস্থিত আছিল । অনিল আম্বানীয়ে ৩৫০ কোটি টকাৰ আৰু গৌতম অডানী য়ে প্ৰায় ৪০০ কোটি টকা দিছিল ৷ অন্যহাতে, অজয় পীৰামল আৰু স্বাতি পীৰামলে পুত্ৰ বোৱাৰীৰ কাৰণে লোৱা ঘৰটোত আছে তিনিটা ভাগত বিভক্ত ৷ ইয়াত গাড়ী পাৰ্কিঙকে আদি কৰি বিভান্ন ধৰণৰ সুবিধা আছে ৷ লগতে আছে,ছুইমিং পুল,বহিবলৈ ধুনীয়া সুবিধা থকা কোঠা ৷ বেড ৰুম,ডাইনিং হল,লিভিং ৰুম আদি সুবিধাসমূহ অত্যাধুনিক সুবিধাৰে ঘৰটোৰ কোঠাসমূহ সজোৱা হৈছে ৷ ঘৰটোৰ বিভিন্ন ফ্ল’ৰত অত্যাধুনিক ড্ৰেচিং ৰুম,বা আজৰি সময়সমূহ পাৰ কৰিবলৈ আছে বিভিন্ন অত্যাধুনিক সুবিধা ৷
অন্যহাতে,ঘৰটোৰ পুনৰ নিৰ্মাণ কৰোতে বিভিন্ন প্ৰসংগত যথেষ্ট বিবাদ হৈছিল যদিও সম্প্ৰতি সেই বিবাদৰ সামৰণি পৰিছে। সদ্যহতে,অ’ল্ড গুলীটা ঘৰটোৰ ইন্টেৰিয়’ৰ ডিজাইনৰ কাম অব্যাহত আছে ৷ পীৰামল পৰিয়ালে ডিচেম্বৰৰ ১ তাৰিখে ঘৰটোত পূজা ৰাখিছে ৷ ইয়াৰ পিছত ডিচেম্বৰৰ ১২ তাৰিখে আনন্দ পীৰামল আৰু ইশা আম্বানী ঘৰটোত প্ৰৱেশ কৰিব৷ উল্লেখ্য যে,সম্প্ৰতি ইশা আম্বানী আৰু আনন্দ পীৰামলৰ বিয়া খনক লৈ যথেষ্ট চৰ্চা অব্যাহত আছে ৷ বিশেষকৈ আনন্দ ইশাৰ বিয়াৰ কাৰ্ডখনে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ এটা বাকচৰ ভিতৰত এখন সুন্দৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন তৈয়াৰ কৰিছে ৷ বাকচৰ ওপৰত ইশা আম্বানী আৰু আনন্দ পীৰামলৰ প্ৰথমটো আখৰ E আৰু A লিখা আছে। ইয়াত সোনৰ কাম কৰা আৰু এটা বাকচ আছে।
উল্লেখ্য যে,এই বাকচটো খোলাৰ লগে লগে গায়ত্ৰী মন্ত্ৰ শুনিবলৈ পোৱা যায় ৷ গায়ত্ৰী মন্ত্ৰ শুনিবলৈ পোৱা বাকচটোৰ ভিতৰতো আকৌ চাৰিটা সৰু বাকচ আছে ৷ সেই সৰু বাকচ কেইটাত বিভিন্ন ধৰণৰ উপহাৰ আছে। আম্বানী পৰিয়ালৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন সম্প্ৰতি সকলোৰে মুখে মুখে ৷ উল্লেখ্য যে,মুকেশ আম্বানীৰ জীয়ৰী ইশা আম্বানী সম্প্ৰতি মুকেশ আম্বানীৰ এন্টীলিয়া নামৰ এটা বাসগৃহত থাকে ৷ এই ঘৰটোৰ আকাৰ প্ৰায় ৪ লাখ বৰ্গফুটৰ ৷ ২৭ টা ৰুমৰ এই ঘৰটোত মুকেশ আম্বানী পৰিয়াল থাকে৷ ঘৰটোৰ চোৱা চিতা কৰিবৰ কাৰণে ৬০০ জন কৰ্মচাৰী আছে ।
উল্লেখ্য যে লণ্ডনৰ ৱকিংহাম পেলেচৰ পিছত মুকেশ আম্বানীৰ বাসগৃহটো হৈছে দ্বিতীয় সৰ্বাধিক মূল্যৰ বাসগৃহ৷ সৰ্বত্ৰে চৰ্চা লাভ কৰা এই বিয়াখনক লৈ সম্প্ৰতি যথেষ্ট উৎসুক হৈ পৰিছে বিভিন্ন লোকসকল ৷ ইশা আম্বানি-আনন্দ পীৰামলৰ বিয়াত উপস্থিত থাকিব লগীয়া ব্যক্তিৰ পৰা খাদ্য সম্ভাৰ,ঈশা আম্বানীয়ে পৰিধান কৰিব লগীয়া লেহেংগা,জুৱেলাৰী আদি বিভিন্ন প্ৰসংগত আলোচনাৰ অন্ত নাই জনসাধাৰণৰ মাজত ৷ গতিকে অপেক্ষা মাথো ১২ ডিচেম্বৰলৈ ৷ কাৰণ ১২ ডিচেম্বৰতহে উৎসুকাৰীসকলে জানিব পাৰিব ইশা আনন্দৰ বিয়াৰ সকলো তথ্য ।
অন্য খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন