Begin typing your search above and press return to search.

উগ্ৰতাৰা দেৱালয়ৰ দেউৰীয়ে তৰিলে গোচৰ

উগ্ৰতাৰা দেৱালয়ৰ দেউৰীয়ে তৰিলে গোচৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Dec 2018 10:32 AM GMT

উগ্ৰতাৰা দেৱালয়ৰ চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ নৌহতেই এইবাৰ দেৱালয়ৰ বৰদেউৰীয়ে তৰিলে গোচৰ।এটা টেলিফোন কলৰ সন্দৰ্ভত দেউৰীয়ে আৰক্ষীৰ ওচৰত গোচৰ তৰিছে।দেৱালয়ৰ বৰদেউৰী জিতেন শৰ্মাই ডিচেম্বৰৰ ২ তাৰিখে ২৮৭/১৮ u/s ৪১৯ নম্বৰত লতাশিল আৰক্ষী চকীত এটা গোচৰ তৰে।শৰ্মাই এফ আই আৰত নিজকে অসম আৰক্ষীৰ বিশেষ গোটৰ এজন বুলি চিনাকী দিয়া অচিনাকী ব্যক্তি এজনে তেওঁলৈ ফোন কৰি তেওঁক বিগ্ৰহ চুৰি কাৰ্য্যত চোৰৰ লগত প্ৰত্যক্ষ সম্বন্ধ আছে বুলি কোৱা কথা উল্লেখ কৰে। শৰ্মাই ফোন কৰা নম্বৰটো আৰক্ষীক হাতত জমা দিয়ে। প্ৰাথমিক অনুসন্ধানৰ অন্তত আৰক্ষীয়ে জিতেন শৰ্মালৈ ফোন কৰা নম্বৰটো দেৱালয়ৰ প্ৰাক্তন সম্পাদক পৰেশ কলিতাৰ বুলি চিনাক্ত কৰে।

এই সম্পৰ্কীয় সোধা-পোছাত পৰেশ কলিতাই কয় যে ডিচেম্বৰৰ ১ তাৰিখে তেওঁ বৰদেউৰীলৈ ফোন কৰা কথাটো সঁচা সেইকথা দেৱালয়ৰ বৰদেউৰী জিতেন্দ্ৰ শৰ্মাইয়ো অস্বীকাৰ কৰিব নোৱাৰে।কলিতাই আকৌ কয় দেৱালয়ৰ বিগ্ৰহ চুৰিৰ তদন্তৰ বাবে গঠন কৰা বিশেষ অনুসন্ধান গোটে তেওঁক বিগ্ৰহৰ আকৃতিৰ বিষয়ে সোধাত তেওঁ দেৱালয়ৰ বৰদেউৰী জিতেন্দ্ৰ শৰ্মাই সদাই বিগ্ৰহৰ কাম কাজ কৰি থকা বাবে এই সম্পৰ্কে ভালকৈ কব পাৰিব বুলি কয়। অনুসন্ধান গোটৰ সদস্যই তেওঁৰ পৰা জিতেন্দ্ৰ শৰ্মাৰ ফোন নম্বৰ লয় কিন্তু তেওঁৰ লগত নলবাৰীৰ ৰাসলৈ যোৱাৰ কাৰণে সংযোগ স্থাপন কৰিব পৰা নাছিল।এই বিষয়ে বৰদেউৰী জিতেন্দ্ৰ শৰ্মাক জনাবৰ বাবেহে তেওঁ জিতেন্দ্ৰ শৰ্মাক ফোন কৰা বুলি পৰেশ কলিতাই জানিবলৈ দিয়ে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি