Begin typing your search above and press return to search.

উচ্চতম ন্যায়ালয়ে খাৰিচ কৰিলে ৰাহুল গান্ধীৰ আবেদন: ৰাহুল গান্ধীলৈ জাননী জাৰি

উচ্চতম ন্যায়ালয়ে খাৰিচ কৰিলে ৰাহুল গান্ধীৰ আবেদন: ৰাহুল গান্ধীলৈ জাননী জাৰি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 April 2019 7:17 AM GMT

মংগলবাৰে উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ আবেদন খাৰিচ কৰাৰ লগতে আদালত অৱমাননাৰ জাননী জাৰি কৰে। উচ্চতম ন্যায়ালয়ৰ আদালত অৱমাননা জাননী জাৰিৰ লগে লগে ৰাফেল যুদ্ধ বিমান গোচৰৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ক অবমাননা কৰাৰ পৰিপ্ৰেক্ষিতত মংগলবাৰে ৰাহুল গান্ধীলৈ জাননী জাৰি কৰে । এই গোচৰৰ পৰবৰ্তী শুনানি গ্ৰহণ কৰা হব ৩০ এপ্ৰিলত।

বিজেপিৰ সাংসদ মিনাক্ষী লেখীয়ে দাখিল কৰা আবেদনৰ পিছতে উচ্চতম ন্যায়ালয়ে এই ৰায় দিয়ে । এদিনৰ পূৰ্বে মিনাক্ষী লেখীৰ আবেদনত উচ্চতম ন্যায়ালয়ত কংগ্ৰেছ অধক্ষ্য ৰাহুল গান্ধীয়ে দুখ প্ৰকাশ কৰিছিল ।

ৰাহুল গান্ধীয়ে ৰাফেল চুক্তিৰ চুৰি হোৱা নথিক , উপযুক্তি নথি হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্তৰ পাছত ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে উচ্চতম ন্যায়ালয়েও মানি লৈছে চকীদাৰ চুৰ হয় বুলি ।

বিজেপিয়ে এই মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে মিনাক্ষী লেখিয়ে এপেস্ক কোৰ্টে ৰাহুল গান্ধীৰ বিৰুদ্ধে আবেদন দাখিল কৰে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধিনত তিনি জনীয়া বিচাৰ পীঠে আবেদনৰ শুনানি গ্ৰহণ কৰে।

জেষ্ঠ অধিবক্তা মুকল ৰৌহতাগীয়ে কয় যে ৰাহুল গান্ধীৰ শপতনামাত কয় যে ৰাহুল গান্ধীয়ে নিজৰ মন্তব্যৰ বাবে কেৱল দুখহে প্ৰকাশ কৰিছে, ক্ষমা খোজা নাই । দলৰ অধক্ষ্য হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ক ইচ্ছা অনুযায়ী সমালোচনা কৰিব নোৱাৰে ।

জেষ্ঠ অধিবক্তা অভিশেক মানু সিঙবিয়ে কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে থকা গোচৰটো বন্ধ কৰিবৰ বাবে অনুৰোধ কৰে। তেওঁ কয় চকীদাৰ চুৰ হয় শ্লোগানতো নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দলৰ বিৰুদ্ধেহে । ৰাহুল গান্ধীয়ে এই ভুলৰ বাবে দুখ প্ৰকাশ কৰিছে বুলি প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি