উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে নাগৰিকত্ব আইন সংশোধনী মঞ্চ

হিন্দু-বাংলাদেশীৰ স্বাৰ্থ সিদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশ বাতিল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছে নাগৰিকত্ব আইন সংশোধনী মঞ্চ। বালংদেশৰ লগতে পাকিস্তান আৰু আফগানিস্তানত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, জৈন আৰু পাৰ্চি ধৰ্মালম্বী সংখ্যালঘু লোক সকলক নিৰাপত্তা প্ৰদান কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে বিগত সময়ছোৱাত ২০১৫-২০১৬ বৰ্ষত নিৰ্দেশ প্ৰদান কৰি নোটিফিকেচন জাৰি কৰিছিল। পৰৱৰ্তী পৰ্য্যায়ত তিনিখন ৰাষ্ট্ৰৰ ছয়টা সংখ্যালঘু ধৰ্মালম্বী লোকক নাগৰিকত্ব প্ৰদানৰ লক্ষৰে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনীয় বিধেয়ক-২০১৬ সংসদত উত্থাপন কৰিছিল।
এই বিতৰ্কিত বিধেয়ক খন যৌথ সংসদীয় সমিটিৰ বিবেচনাধীন হৈ থকা সময়ছোৱাতে সৰকাৰৰ নোটিফিকেচনৰ বিপক্ষে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে নাগৰিকত্ব আইন সংশোধন মঞ্চ নামৰ এটা সংগঠনে। নাগৰিকত্ব আইন সংশোধন মঞ্চৰ সভাপতি হীৰেণ গোঁহাই, মনজিৎ মহন্ত আৰু হৰেকৃষ্ণ ডেকাৰ স্বাক্ষৰ সম্বলিত এই আবেদন তিনিখন ৰাষ্ট্ৰৰ পৰা অহা ছয়টা ধৰ্মৰ লোকৰ ক্ষেত্ৰত কেন্দ্ৰই জাৰি কৰা নিৰ্দেশ আৰু নোটিফিকেচনক প্ৰত্যাহবান জনাই উচ্চতম ন্যায়ালয়ত জমা দিয়া হৈছে। উচ্চতম ন্যায়ালয়ত আবেদনৰ যোগেৰে নাগৰিকত্ব আইন সংশোধন মঞ্চই ন্যায়ালয়ক চৰকাৰৰ সিদ্ধান্তক বাতিল কৰিবলৈ অনুৰোধ জোনোৱা হৈছে। ভাৰতৰ প্ৰতিবেশী তিনিখন ৰাষ্ট্ৰত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা ছয়টা ধৰ্মালম্বী লোকৰ সুবিধাৰ্থে কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনৰ ৭ চেপ্তেম্বৰত বিদেশী আৰু তেওঁলোকৰ পাচপোৰ্টৰ নিয়মৰ ক্ষেত্ৰত দুটা নিয়মৰ সংশোধনৰ নিৰ্দেশ জাৰি কৰিছিল। পৰৱৰ্তী সময়ত ২০১৬ চনৰ ২৩ ডিচেম্বৰত কেন্দ্ৰৰ স্বৰাস্ট্ৰ মন্ত্ৰালয়ে এইসকল ধৰ্মীয় সংখ্যালঘু লোকৰ বাবে বিশেষ নিৰ্দেশ জাৰি কৰিছিল। নাগৰিকত্ব আইন সংশোধনী মঞ্চই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত কোনো নিৰ্দিষ্ট ধৰ্মালম্বী লোকক কেন্দ্ৰ কৰি নিয়ম প্ৰণয়ন কৰা হব নোৱাৰিব বুলি মন্তব্য কৰি, খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপদাপন্ন হব পৰা এই আইনক অসাংবিধানক আখ্যা দিয়ে।
উল্লেখযোগ্য যে ২০১৫ চনৰ পাচপোৰ্ট নিয়ম সংশোধনৰ নিয়ম অনুসৰি পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা ধৰ্মীয় সংখ্যালঘুৰ ক্ষেত্ৰত পাচপোৰ্টৰ প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিয়া হৈছিল আৰু এই ক্ষেত্ৰত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগতে ভাৰতলৈ অহা নাগৰিকৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য হব বুলি উল্লেখ কৰা হৈছিল। ২০১৫ চনৰ বিদেশী সংশোধনী আইনৰ মাধ্যমেৰে এইসকল লোকক ১৯৪৬ চনৰ বিদেশী আইনৰ পৰা ৰেহাই দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই দাখিল কৰা আবেদনৰ মাধ্যমেৰে ১৯৫৫ চনৰ নাগৰিকত্ব আইনত উল্লেখিত অবৈধ প্ৰব্ৰজনকাৰীৰ সংজ্ঞাক অবজ্ঞা কৰাৰ কথা উল্লেখ কৰা হৈছে।অসমত ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত হৈ আছে। সদৌ অসম ছাত্ৰ সন্থাই নেছোক লগত লৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছে।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি