Begin typing your search above and press return to search.

উজনিৰ সুৰা ট্ৰেজেডীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া বাওঁ গণতান্ত্ৰিক মঞ্চৰ

উজনিৰ সুৰা ট্ৰেজেডীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া বাওঁ গণতান্ত্ৰিক মঞ্চৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Feb 2019 10:33 AM GMT

উজনি অসমৰ সুৰা কাণ্ডই চুই গৈছে সমগ্ৰ অসমক ৷ সম্প্ৰতি এই ঘটনাক গৰিহনা দিছে বাওঁ গণতান্ত্ৰিক মঞ্চই ৷এই ক্ষেত্ৰত তিনিটা দাবী পূৰণৰ কাৰণে ৰাজ্যপাল জগদীশ মুখীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ বাওঁ গণতান্ত্ৰিক মঞ্চই এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবৰ কাৰণে উচ্চ ন্যায়ালয়ক আহ্বান কৰে ৷লগতে,বাওঁ গণতান্ত্ৰিক মঞ্চৰ দাবী যে, এই ঘটনাৰ লগত জড়িত সকলো চৰকাৰী অধিকাৰী,আৰক্ষী বিষয়াসকলকো উচিত শাস্তি প্ৰদান কৰিব লাগে ৷

গোলাঘাটত সুৰা সেৱন কৰি যিসকল লোকৰ মৃত্যু হ’ল,তাৰ ভিতৰৰে কিছুসংখ্যকৰ সৰু সৰু শিশুক এৰি থৈ গৈছে ৷গতিকে সেই সকলৰ কাৰণে ১০ লাখ টকা প্ৰদান কৰিবলৈ দাবী কৰে মঞ্চই। শতাধিক লোকৰ জীৱন ধ্বংস কৰাৰ লগতে সুৰাই বহু পৰিয়ালৰ এক মাত্ৰ উপাৰ্জন কৰা সদস্য জনৰেই মৃত্যু হ’ল ৷গতিকে অবৈধ সুৰা তৈয়াৰত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ দাবী কৰে বাওঁ গণতান্ত্ৰিক মঞ্চই ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি