উত্তৰ পূবত ফেনীৰ প্ৰভাৱঃ মুষলধাৰ বৰষুণৰ সন্মুখীন ৰাজ্যবাসী
অসম আৰু উত্তৰ পূবৰ বহু ৰাজ্যত চাইক্ল’ন ফেনীৰ প্ৰভাৱৰ কাৰণে শনিবাৰে সমগ্ৰ ৰাজ্য সন্মুখীন হয় মুষলধাৰ বৰষুণৰ ৷ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত ভূমিস্খলনৰ উপৰিও গছ উঘালি পৰে আৰু বিভিন্ন জনৰ বাসগৃহও ক্ষতিগ্ৰস্ত হয়। ইয়াৰ মাজতে পুৱা আৰু দুপৰীয়া ৰাজ্যত ভূমিকম্পৰ সৃষ্টি হয়। উত্তৰ পূৱত ফেনীৰ প্ৰভাৱ পাঁচ মে’লৈ থাকিব বুলি জানিব পৰা গৈছে ৷লক্ষীমপুৰকে ধৰি উত্তৰ অসমৰ অন্যান্য জিলাত ১১ দিনৰ ভিতৰত দ্বিতীয়টো ভূমিকম্পৰ সৃষ্টি হয় ।জিলাখনত শনাবাৰে বিয়লি প্ৰায় ৪.৩৫ মিনিটত ভূমিকম্পৰ অনুভূত হয়। ৫.৫ ৰিখতাৰ স্কেলত অহা ভূমিকম্প অভিকেন্দ্ৰ আছিল ভাৰত ম্যানমাৰ সীমাকেন্দ্ৰ ৷
অৱশ্যে ভূমিকম্পত কোনো হতাহতিৰ খবৰ পোৱা নাই ৷ ইফালে, ২৪ এপ্ৰিলত অহা নিশা ১.৪৫ বজাত অহা ভূমিকম্পত লক্ষীমপুৰ,ধেমাজী, বিশ্বনাথ,শোনিতপুৰ আৰু মাজুলী জিলাত জোঁকাৰণিৰ অনুভূত হয় ৷ আনহাতে, নলবাৰী,বাইহাটা চাৰিআলিৰ প্ৰায় ৩৪ জন তীৰ্থ যাত্ৰী আৰু পৰ্যটকসকলক অসম ভৱন ক’লকাতাৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত কৰা হয়। ৰাজ্য চৰকাৰে উৰিষ্যাত আৱদ্ধ হৈ থকা লোকসকলক অসমলৈ আনিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সংবাদ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে জনতা ভৱনত শনিবাৰে উৰিষ্যাত আৱদ্ধ হৈ থকা লোকসকলৰ ক্ষেত্ৰত শনিবাৰে এখন বৈঠক অনুষ্ঠিত কৰে ৷
লগতে ৰাজ্য চৰকাৰে উৰিষ্যা চৰকাৰৰ লগত এই সন্দৰ্ভত মতবিনিময় কৰে ৷ যাতে ফেনীত আৱদ্ধ হৈ থকা লোকসকলৰ কোনো ক্ষতি নহয়। আৰু শেহতীয়াকৈ উৰিষ্যাত আৱদ্ধ হৈ থকা লোকসকল সুৰক্ষিত বুলি জানিব পৰা গৈছে ৷ জনতা ভৱনত হোৱা বৈঠকখনত উপস্থিত আছিল মুখ্যমন্ত্ৰী সংবাদ আৰু আইনী উপদেষ্টা ক্ৰমে হৃষিকেশ গোস্বামী আৰু শান্তুনু ভৰাঁলী, গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, মুখ্যমন্ত্ৰী সোনোৱালৰ প্ৰধান সচিব সঞ্জয় কুমাৰ লোহিয়া,এডিজিপি হাৰমিট সিং,আৰু অসমৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ চিইঅ’ অৰুণা ৰাজ’ৰিয়া ৷
উত্তৰ পূবত ফেনীৰ প্ৰভাৱৰ কাৰণে বিমান সেৱা বন্ধ কৰি দিয়া হৈছে ৷ অৱশ্যে এএইআৰৰ সকলো বিমান এতিয়াও চলি আছে ৷ এএআইৰ এক বিশেষ তথ্য অনুসৰি ৫৯ খন বিমান সম্প্ৰতি বন্ধ কৰি দিয়ে ৷উল্লেখ্য যে এনএফ ৰেল বিভাগৰ এজন বিষয়াই কয় যে উত্তৰ পূবলৈ অহা যোৱা কৰা পৰিবহনৰ কিছু সংখ্যক ৰেল ফেনীৰ কাৰণে বন্ধ কৰি দিয়ে ৷ ৰাজ্যত হোৱা বৰষুণৰ কাৰণে ৰাজ্য চৰকাৰে শনিবাৰৰ পৰা দেওবাৰলৈ যোৰহাট আৰু মাজুলী,গুৱাহাটী আৰু উত্তৰ গুৱাহাটী,ধুবুৰী আৰু অন্য স্থানৰ মাজত জল পৰিবহন সেৱাও বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। অসমৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি বৰষুণৰ কাৰণে ৰাজ্যৰ কিছু কিছু নদীৰ জল স্তৰ বৃদ্ধি পাইছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকলে প্ৰথমতেই শনিবাৰ আৰু দেওবাৰে মুষলধাৰ বৰষুণ আৰু বতাহ অহাৰ জাননী দিছিল ৷ অসম চৰকাৰেও জিলা প্ৰশাসনক ফেনীৰ সন্দৰ্ভত আগতীয়াকৈ সচেতন হ’বলৈ নিৰ্দেশ দিয়ে ৷
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি