Begin typing your search above and press return to search.

উত্তৰ পূবলৈ বহু অভিলাষী আঁচনিৰ সমাহাৰেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপহাৰ

উত্তৰ পূবলৈ বহু অভিলাষী আঁচনিৰ সমাহাৰেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপহাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Feb 2019 8:32 AM GMT

সমাগত লোকসভা নিৰ্বাচন ৷গতিকে নিৰ্বাচনী ৰণডংকা বজাবলৈ এইবাৰ উত্তৰ পূবত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)৷ অসম,অৰুণাচল আৰু ত্ৰিপুৰা ভ্ৰমণ কালত প্ৰধানমন্ত্ৰী মোডীয়ে বহু আঁচনি উদঘাটন কৰিছে আৰু বহু ৰেলীটো ভাগ ল’ব ৷ স্থানীয় নিচি উপভাষাত ইটানগৰত ভাষণ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে ৷প্ৰধানমন্ত্ৰী মোডীয়ে অৰুণাচল প্ৰদেশৰ পাৰুম পাৰি জিলাৰ হোলংগী গ্ৰীণফিল্ড বিমান বন্দৰ উদ্ধোধন কৰে ৷ বিমান বন্দৰ উদ্ধোধনে যোগাযোগ ক্ষেত্ৰতেই নহয়,আৰ্থিক বিকাশৰ লগতে ৰাজনৈতিক ক্ষেত্ৰ খনটো সহায় কৰিব ৷লগতে প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰত চীন সীমান্তৱৰ্তী চহৰ টাৱাঙত যাত্ৰা কৰা সময় হ্ৰাস কৰিবৰ কাৰণে চেলাত এক ৰাজনৈতিক সুৰংগ নিৰ্মাণ কৰাৰ কাৰণে এক আঁচনিৰ উদ্ধোধন কৰে ৷ ইয়াৰ পিছতে প্ৰমানমন্ত্ৰী মোডী উপস্থিত হ’ব গুৱাহাটীত৷৷

https://twitter.com/narendramodi/status/1094044472743059457

গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত এখন ছয় লেনৰ সেতুৰ উদ্ধোধন কৰিব ৷২,১৮৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব দলঙখন৷যোগাযোগ খণ্ডৰ লগতে শক্তিখণ্ডত আমূল পৰিৱৰ্তন কৰাৰ কথাও কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷৷ইফালে চাংসাৰিত AIIMS ত ভূমিপূজন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিকাশৰ কাৰণে লোৱা আঁচনিসমূহৰ ভিতৰত আছে নুমলীগড় ৰিফাইনেৰীত জৈব ডিজেল আঁচনি,বাৰুৱানী গুৱাহাটী গেছ পাইপ লাইন উদঘাটন কৰিব ৷ এই গেছ পাইপলাইন উদঘাটনে পূৰ্বোত্তৰক একত্ৰিত কৰিব৷অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনৰ কাৰণে ডীডী অৰুণ প্ৰভা নামেৰে এটি দুৰদৰ্শন চেনেল উদঘাটন কৰে ৷ইয়াৰোপৰি ১১০ মেগাৱটৰ বিদ্যুৎৰ এক আঁচনি উদঘাটন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যাত্ৰা কৰিব ত্ৰিপুৰালৈ ৷ ত্ৰিপুৰাত মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্যৰ এক প্ৰতিমূৰ্তিৰো উদঘাটন কৰিব ৷লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা ৰেলৱে লাইনৰো উদঘাটন কৰিব ৷ত্ৰিপুৰাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যাত্ৰা কৰিব তামিলনাডুৰ তিৰুপুৰলৈ ৷ ইয়াৰ পিছত সাৰ্বজনিক ৰেলীৰ কাৰণে যাত্ৰা কৰিব কৰ্ণাটকৰ হুবলীলৈ ৷সেই দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অন্ধ প্ৰদেশৰ গুন্টুৰত এক ৰেলীত ভাগ ল’ব ৷ ১১ ফ্ৰেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোডী অক্ষয়পাত্ৰ ফাউণ্ডেশ্যন কাৰ্যক্ৰমৰ যাত্ৰা কৰিব উত্তৰ প্ৰদেশৰ মথুৰালৈ ৷কাৰ্যক্ৰমত অংশ লৈ মোডীয়ে কিছুসংখ্যক শিশুক বিয়লী ভোজন কৰাব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু কেন্দ্ৰীয় মানৱ সংশোধন মন্ত্ৰী প্ৰকাশ জাভেডেকাৰে অংশ ল’ব ৷ অন্যহাতে, ১২ ফ্ৰেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোডী কুৰুক্ষেত্ৰত স্বচ্ছ শক্তি কাৰ্যক্ৰমৰ কাৰণে হাৰিয়ানালৈ যাত্ৰা কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি