Begin typing your search above and press return to search.

উত্তৰ পূবৰ পৰিযোজনাসমূহক লৈ বিশেষ প্ৰতিক্ৰিয়া ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ

উত্তৰ পূবৰ পৰিযোজনাসমূহক লৈ বিশেষ প্ৰতিক্ৰিয়া ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Feb 2019 8:14 AM GMT

ড’নাৰ মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে বৃহস্পতিবাৰে কয় যে, উত্তৰ পূবত চলি থকা পৰিযোজনাসমূহ নন লেপ্সেবল চেন্ট্ৰেল পুল অফ ৰিচ’ৰ্জৰ অন্তৰ্গত পৰিযোজনাক মন্ত্ৰ্যালয়ত বাতিল কৰা হোৱা নাই ৷ অৱশ্যে ২০১৬ চনৰ এনএলচিপিআৰৰ নিৰ্দেশিকা পুনৰ নিৰীক্ষণ কৰাৰ পিছত ৰাজ্যসমূহক অনুৰোধ কৰা হৈছিল যে প্ৰথম বৰ্ষৰ পৰিযোজনাসমূহক পুনৰাই তৈয়াৰ কৰক যাতে প্ৰত্যেক ৰাজ্যৰ কাৰণে পৰিযোজনাসমূহৰ মূল্য সেই ৰাজ্যসমূহৰ আৱন্টিত ধনতকৈ তিনি গুণ অধিক বৃদ্ধি নহয় ৷ৰাজ্যসভাত এই মন্তব্য কৰে ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে ।

এনএলচিপিআৰৰ সংশোধিত নিৰ্দেশিকা অনুসৰি সম্বন্ধিত ৰাজ্যসমূহৰ মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যৰ স্তৰৰীয় উচ্চাধিকাৰ সমিতি ডিটেলড প্ৰজেক্ট ৰিপ’ৰ্ট অৰ্থাৎ ডিপিআৰক মঞ্জুৰী দিয়ে৷ ইয়াৰ মাজতে ২০০০ মেগাৱটৰ নিম্ন শোৱনশিৰি হাইড্ৰ প্ৰজেক্ট আৰম্ভ হোৱা, প্ৰায় চাৰি বচৰৰ পিছত মুকলি হ’ব ৷ অন্যহাতে ডিচেম্বৰ ২০১১ চনৰ পিছত বিভিন্ন কাৰ্যকৰ্তাসকলৰ দ্বিতীয় বাৰৰ আন্দোলনৰ কাৰণে কামসমূহ বন্ধ হৈ যায়৷ লগতে বান্ধৰ সুৰক্ষা আৰু বান্ধৰ নিম্ন প্ৰবাহৰ আশংকা কৰা হৈছিল ৷ পৰিযোজনাটোক পুনৰাই আৰম্ভ কৰা চাৰি বছৰৰ পিছত মুকলি কৰা হ’ব ৷এই মন্তব্য বিদুৎ, নবীকৰণ মন্ত্ৰী আৰ কে সিঙৰ ৷

মন কৰিব লগীয়া এয়ে যে ৫৯৫০ মেগাৱটৰ ১৬ টা পৰিযোজনা আৰ্থিক কাৰণ অথবা অন্যান্য কাৰণত স্তব্ধ হৈ আছে ৷ ইফালে ১৬ টা পৰিযোজনাৰ ভিতৰত ১০ টা বিত্তীয কাৰণত স্থগিত হৈ আছে ৷আনহাতে চৰকাৰে এনে এক জলবিদ্যুৎ নীতি ওপৰত কাম কৰি আছে যে যিসমূহে কৰ ৰেহাই,নিম্ন সুদৰ লগতে অন্যান্য সুবিধাসমুহ প্ৰদান কৰিব যিয়ে এই পৰিযোজনাসমূহৰ কৰ সমূহ হ্ৰাস হোৱাত সহায় কৰিব ৷২০১৮ চনৰ ৩০ নবেম্বৰত দেশত নিৰ্মাণাধীন ৩৭ টা হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টত আছে ১২১৭৮.৫০ মেগাৱট ৷ইয়াৰে ৩৭ টা জল বিদ্যুৎ প্ৰকল্প নিৰ্মান হৈ আছে আৰু ১৬ টা পৰিযোজনা স্থগিত হৈ আছে ৷কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ অনুসৰি সম্প্ৰতি বিদ্যুৎ উৎপাদন স্থগিত থকা পৰিযোজনা সমূহৰ পৰা প্ৰায় ১৮,৭৬১ মিলিয়ন ইউনিট লোকচানৰ সন্মুখীন হৈছে ৷ বিদ্যুৎ বিভাগৰ এজন বৰিষ্ঠ নেতাই কয় যে ভাৰত চৰকাৰে হিতাধিকাৰসকলৰ লগত এই সন্দৰ্ভত সমাধানৰ কাৰণে প্ৰয়াস কৰি আছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি